সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 23 ) সুৱঁৰি তোমাৰ এনুৱা বিলাই, যাব খোজে হায় বুকু যে ফাটি। পেলোৱাঁ এছাৰ মাৰি সৰ্পালি। নেথাকিবা আৰু হাত সাবটি। সকলোৱে কাম কৰা একমনে, পুৱাব তেতিয়া দুখৰ ৰাতি। নহলে নিশ্চয় অভিধান-মেলি, নেপাবা আৰু ‘অসমীয়া জাতি' | ২য় গান। ৰাগিণী ঝিঝিট্‌——তাল একতাল। আহা আজি আমি আনন্দ-মনে, দুখুনী ‘আসাম’ মাতৃ-চৰণে, প্ৰণিপাত কৰি একান্ত মনে, ধন্য কৰে৷ এই জীৱন।