সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ২৪ )

সকলোৱে আমি একেলগে মিলি,
খিয়লাথিয়লি পাহৰোঁ সমূলি,
হৃদয়ৰ পৰা পেলাওঁ উভালি,
কাঁইটীয়া হিংসাৰ বন।

সাহৰ জৰীৰে মেৰোৱাঁ হৃদয়,
বলাঁ আগুৱাওঁ, নাই একো ভয়,
কুৰি ই শতিকা কাৰ্য্যৰ সময়,
নেথাকিবা হৈ অচেতন।

নকৰিবা ভয় দেখি ৰণ-ঠাই,
গুচোৱাঁ দুৰ্নাম, গুচোৱাঁ বিলাই,
পৰম ঈশ্বৰ আমাৰ সহায়,
কিয় তুমি চিন্তা-মগন॥