সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ম গান। ৰাগিণী অহং—তাল একতাল। I উঠা একে চিপে অসমীয়া ভাই, বান্ধা কঁকালত টঙ্গালি আঁটি। লোৱা বীৰ-সাজ, দিয়া দলিয়াই, কেঁচুৱা লৰাৰ ঘাগৰি-গাতি। ৰণ-ধজা ধৰি বলাঁ আগুৱাই, ভেজাল খোজত কঁপোক মাটি। জানি লোৱা, ভাই, এৰিবৰ হল গুণা-খনিয়াৰ লাহৰি ছাটি উঠি কাম কৰা, এৰি দিয়া তুমি জুহাল-গুৰিৰ কলাঘুমটি। ইমানতে, ভাই, চোৱাঁ চকু মেলি, কানি-ধোঁৱাখোৱা পেলোৱাঁ কাটি॥