এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( ২১ ) ভৰিটি পিচল খাব, স্বজাতিৰ মানুহক, কম-থলীৰ বাট জেকা জেলুকীয়া। অকলে নোৱাৰা যাব, পৰিয়াল বঙ্গহক, কৰি লোৱাঁ ভাই তুমি বাট-লগৰীয়া। কৰম-যজ্ঞত লাগে, কুশ, তিল আৰু ফুল কতনো দুবৰি— কত বস্তু ভাগেভাগে, কাপোৰৰ নাই ওৰ, পঞ্চামৃত কতবোৰ, আৰই চাউল আৰু কত আঁম-খৰি। অকলে তোমাৰ ভাই, এই পাঁচি দিহা-পোহা ই কথাটি জানি লই, কৰিবৰ শক্তি নাই, কৰ্ম-যজ্ঞৰ। স্বজাতিৰে মিল হই, মাতি আনি লোৱা তুমি সহায় লগৰ। হেৰা হেৰা ভাই মোৰ, গুণি চাই কথাবোৰ, পেলোৱা মনৰপৰা খিয়াল গুচাই। আনেৰে মিতালি পাতি, লগে-ভাগে হাঁহি-মাতি, উন্নতিৰ বাটে বৈয়। অসমীয়া ভাই।