সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 20 ) ভাঙ্গি ভোট- জলকীয়া, চকুত মোহাৰি দিয়া, গাত দিয়া চোৰাভৰ সেৰা-পতা সাঁচ। থিয়াল হুটাহ-যুত, কত মানুহক কৰে খাই অধম ডলুৱা ভুত, নাইকিয়া। নিদিবা ভুতক ঠাই, কোনো মতে আঁতৰাই, দূৰ হাবিলই তাক পঠিয়াই দিয়া। তাৰ ঠাই খাল, বিল, পৰ্ববতৰ বৰ শিল, বৰ গুহা পৰ্ব্বতৰ, দলনি, পিতনি, জান, মৰিশালি, জুৰি, মৰি-নই, এৰা-ঘৰ, এঠা-বৰ, জৰী আৰু আঁহতৰ গুৰি। দিয়াঁ লগ এৰুৱাই, ভুতৰ ৰাজ্যৰ বাজ মানুহ-সমাজ তুমি তাক পঠিয়াই— খুলি খুলি খাব তাৰ, হেলাৰঙ্গে বাট বুলি, সোমাই বুত-থকা আমঠুৰ মাজ। লগত থাকিব যাৰ, সকলোৱে মিলি-জুলি, উন্নতিৰ পোনে ভাই হাঁহি হাঁহি বৈয়াঁ। স্বদেশৰ চিত্তি হিত, কাম কৰ'। নিত নিত, নববা মিছাতে তুমি খিয়ালৰ খৈয়া। সকলোৰে হিত সাধি, খিয়ালৰ হাক বাধি, কম-থলীত আগ হোৱা অসমীয়া। ইটে সিটে হাত ধৰি, বলা হঁহা-মতা কবি— থিয়ালৰ কিয় ভাই হোৱা বহুটীয়া।