এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
pe pe খিয়াল হেৰা হেৰা অসমীয়া, কথালই কাণ দিয়াঁ, থিয়ালৰ কেঁৰা চকু পেলোৱাঁ উঘালি। আপোনাৰ ভাই বুলি, একেলগে মিলি-জুলি, মৰমেৰে স্বজাতিক ধৰা আকোৱালি। দেখিছা তোমাৰ ভাই, দুৰ্দ্ৰ্দশাৰ সীমা নাই, তথাপি কিয়নো তুমি নোলোৱা বুজনি। লাগিল তোমাৰ গাত, লেতেৰা শনিৰ হাত, কৰা তাক জাৰি-ফুকি খেদাই দূৰণি। আপোন-পেটীয়া হই, কিয় থাকা এনেকই, খিয়ালৰ ভঁহা-চকু মেলা টটল। স্বজাতি হিংসিলে ভাই, নিজৰো কল্যাণ নাই, পাব নাশ আপোনাৰো জ্ঞান বুদ্ধি বল। লোকক কৰি থিয়াল, চিন্তা আপোনাৰ ভাল এনেকুৱা নীচ তুমি কেনেকই হলা! বীৰ-পুৰুষৰ দৰে, উন্নতিৰ বাটে ভাই খোজ ধৰি বলাঁ। লই সৰিয়হ-ছাটি, গমহ-গমহ কৰে, বিহলঙ্গনীৰ আঁটি, আঁতৰোৱা গাৰপৰা খিয়াল-পিশাচ।