সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১ ) লোৱা কথা ফেৰি মিছা ভেম এৰি, হুৰি-পুৰি ভাই কামত ধৰা। কৰা কাম-কাজ, নাই তাত লাজ, কিয়নো এনেই ফিতাহি কৰা। কি আছে তোমাৰ, ফুটা কৰি সাৰ, কিয়নো ইদৰে মাৰা গণ্ডপ। লাও-টুকীয়া, হলা অসমীয়া, নেভাবা নিজৰ কথা অলপ। নিজৰ বিলাই, এবাৰ নেচাই, যেনে গঙ্গাটোপ আছা ওফন্দি। হায় অসমীয়া, বুদ্ধি নাইকিয়া, হলা ফিতাহিৰ নিকিনা বন্দী। এতেকতে ভাই, টানি ঘুপুবাই, উঘালা ভেমৰ জেৰ্পো শিপা। কৰা তুমি কাম, লই হৰিনাম; ——দয়ালু হৰিয়ে কৰিব কৃপা।