সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওফন্দিছে ধল, ( 19 ) কৰি টলবল— ৰলেই তোমাক নিব মুচৰি। এতেকতে ভাই, দিয়। আঁতৰাই, গাব পৰা তুমি গেঠেলা ভেম। চোকা তৰোৱাল, নেথাকিবা আৰু ধৰি গেৰেম। লোৱা ৰণ-ঢাল, এৰি থই বৈয়া, জাপি সৰুদৈয়া, মুগা চুৰিয়াৰ ভোটোৰা ফেৰ। লোৱা বেগী জাঠি, বৈয়া বুকু ডাঠি, ফিতাহি নকৰা, দিয়া কঁকালত টঙ্গালি-মেৰ। আৰু চক্‌লগা লোধোমা গাৰু। এৰা পাৰ্টিচৰা, একো নেথাকিব, লোকে কাঢ়ি নিব, ৰণত নহবা যদি জিকাৰু। খহোৱাঁ নকৰি, অলপো গহৰি, লিহিৰি সউকা হাতৰ পৰা। যুঁ জলই ভাই, বলাঁ আগুৱাই, ভলুকা-টোকোণ জোকাৰি লৰাঁ। নাহিবাহে হটি— পেলোৱাঁ হাঁচটি, খহোৱা মূৰৰ লাহৰি পাগ। বীৰ-সাজ লই, যুঁজা ভালকই, হোৱা ভাই তুমি ৰণত আগ।