সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এতিয়াই কি বিলাই, ( ১৫ ) চোৱাচোন হেবা ভাই, ছাল- বাকলিৰে গাটোটকা। ঘৰৰ ভাগিল বেৰ, কেঁচুবোৰ ক্ৰেমেৰ, কেচুমটা চমকা চমকা কুমজেলুকাৰ লাৰু, মেঘ-দেখা চাল আৰু, এনে দশা এতিয়াই ভাই। কওঁ মই আজি ন-দি, এলাহ নেৰিবা যদি, কোনে চাব তোমাৰ বিলাই! উচন পৰিব ভেঁটি, নেথাকিব খুদ এটি, ভেটিত গজিব তিতা-লাও। শুনিব মানুহে তাত, ফেব্ৰুৱাৰ বৰ মাত, ফেঁচা আৰু হুদুৰ আৰাও। কোদো বৰলৰ চাক, শিয়ালৰ জাক জাক, কুকুৰ-নেচীয়া বাঘ-পাল, পাতিব ভেটিত বহা, জিনাৰ, হলউ, শহা, গেৰেলা, মেচেকা, জহামাল। মলুৱা বান্দৰে হায়, বোন্দা-ঘোঙ্গে লব ঠাই— ভেটিৰ নুমাৰ চিন-ছাব। এতেকতে ভাইহঁত, নেথাকিবা এলাহত, এৰি দিয়। সোৰোপালি ভাব।