সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জুহালৰ মেল, - ( ১ ) এৰি দিয়া ভাই মোৰ। হাঁহি খেল্‌-খেল, নিহলে জানিবা, আছে আৰু যিবা, তাৰো যে পৰিব-ওৰ। কলা-ঘুমটীয়া, টোপনী সুখীয়া, এৰি দিয়া ভাই আৰু। নতু তুমি খুটি, হেৰুৱাই উটি, নেযাবানে কোৱা বাৰু! ভাই অসমীয়া, হুল-জোঙ্গ-দিয়া, গাঁত চাৰিপোনে বেৰা। চোৱা চকু মেলি, দিয়াঁ ৰাগি ঠেলি — গুৰৰ চেলেকা এৰা। খীণাই-শুকাই, অসমীয়া ভাই, হঁত হল মন, দেহা ফট্-ফট্-কৰে, টিকিবা ওফৰে-- এৰা তেনে-খনি বেহা। টিকিৰাৰ ধোঁৱা, মুখত ভৰোৱা, আধা-ফুটা কথা কোৱা- আৰু কাম সিটি, নকৰা ভাইটি, মোৰ কথাষাৰি লোৱা। অসমীয়া ভাই, লোৱাচোন চাই, এবেলি দুৰ্দ্দশা ঘোৰ।