এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( ১১ ) আটায়ে গোটায়, ধন-সোণ হায়, তুমি হে মাথোন ভেবা। ধন বাঁটি বাঁটি, বিদেশীয়ে আঁটি, বান্ধি লয় থুনুপাক। অসমীয়া ভাই, বুদ্ধি হেৰুৱাই, খাই আছা মেৰপাক। বিদেশীসকল, আহি জ্ঞান- বল, ধন, ধান লয় তুলি। তুমি অসমীয়া, —গম নাইকিয়া গোটোৱাঁ কানি-সজুলি। মগজুৰ কুঁহি, কানিয়েই শুহি, মাৰিলে কঠিয়া তাৰ। ত ইমানতে ভাই, দিয়। দলিয়াই, ধোঁৱাখোৱা কানীয়াৰ। কানিৰ পিয়লা, জলপান-মলা, আৰু কুঁহিয়াৰ-বাটি এছাৰি পেলোৱাঁ, দিয়া ধোঁৱাখাৱা, ঠুকুটি ঠুকুচি কাটি। পেলোৱা নিলগ কৰি। কলৰ চকলা, কানিৰ টিকিৰা, কথাৰ বকলা, তিতা-মৰা চিৰা, আৰু নেথাকিবা ধৰি।