সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( % ) দেশৰ উন্নতি কৰা বুঢ়াৰ ভাবনি তিৰোতাৰ হিত আৰু ল'ৰাৰ শিকনি। কেনেনো সুন্দৰ এই নগৰ মাজুলি। ঠেলি নিয়াঁ ঢউ, ভাই, দুই বাহু তুলি- তুমিও পাবাগৈ এই ৰূপহ নগৰী, যোৱা অসমীয়া ভাই আশঙ্কা নকৰি। হেৰা অসমীয়া, কানি। ৰাগি এৰি দিয়৷, নকৰিবা কানি-পান। ভাই চোৱাচোন, ভাৰতত কোন, নিচলা তোমাৰ মান। সকলোৱে আজি, মেলে পুথি-পাঁজি, তুমিহে পিছত পৰা। সভ্য জগতত, আটাই আগত, তুমিহে নিচেই ল'ৰা যত নো দেখিছা, চোকা চোকা জিবা, তুমি হে অকল লেবা।