এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 2 ) বঙ্গত খেদি লৈ যায় 'লৰ ধৰ' ৰুলি-- গৰুৰ খুৰাত উৰে মুঠি মুঠি ধূলি চা লৰাবোৰে জাঁত-জাঁত নাম গাই যায়। কোনোৱে বা ঠেও ধৰি পেঁপাটোকে বায়। বুঢ়াই নেথাকে বহি এনি-তেনি যায়। ৰাৰীৰ জেওৰা দিয়ে, শাকনী নিৰায় কোনো জনে পথাৰত আলি দিয়েগই। হাতত কোনোৱে বহে কাঠি-কামি লই। ঠায়ে ঠায়ে দেখি কত চিকুন গাভৰু --চপাৰ আঙ্গুলিবোৰ, হাত সৰু সৰু। হাতত দুডালি পোন মিহি শলা লয়। ৰঙ্গা, বগা, উল লই কত কিনো বয়। লোহোৰ৷ ডেকাৰ গাত চোকা তেজধাৰ। পেঁচ ধৰি আয়মেৰে কৰে সাজ-পাৰ ধেনু, কাঁৰ লই যায় মৃগয়া-যতন— তেজী ঘোঁৰা উঠি ফুৰে ডেকা কোনোজন। ল'ৰাই হাতত লয় মেলি পুথি-পাঁজি। ল'ৰাবোৰ থোৱা যেন পুতলাহে সাজি। লৰাই একণি ওঁঠ কেনেকই পঢ়ে চাই থাকিলেই আহা মন-প্ৰাণ হৰে! বুঢ়াটি দেখাত যেন পকা থেকেৰাহে! চিন্তা কৰি কত কিনো লিখে একেৰাহে।