এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 9 ) হাতড় বাঙ্গলী ফুল, মুখত পেঁপাটি— কত বায়, কৰি তাকে ই কাটি-সিকাটি। এইবোৰ লৰা, ডেকা, গাভৰুৰ মেল, চাই চাই বুঢ়াবোৰে হাঁহে খেল্খেল্। কোমল আসন পাৰি আউজি বহিছে। মাজে মাজে একোবাৰ গহীনে কাহিছে। বতাহৰ ছাটি আহি গাত উৰি পৰে — ভৰিত ভৰিটো তুলি কি আয়ম ধৰে! আমৰ ডালত বহি গান কৰে কুলি; শলাগে বুঢ়াই তাক “বেচ্বেচ্” বুলি। ফুলনী বাৰীত আৰু কিনো আছে শুনা — মেৰাই চাৰিও কাষে এখনি যমুনা। মাজে মাজে আৰু কত আছে জোপা-ঘৰ। যমুনাত দেখি কত শাৰী পদুমৰ। জাকে জাকে ভোমোৰাই উৰি ফুৰে তাত, কাণ জুৰ কৰে মাতি গুণগুণ্ মাত। লতা, গছ গোটখাই সাজে জোপা-ঘৰ— বতাহত জাওবন লৰে জৰ-জৰ। ধুনীয়া মাধই লতা আৰু কুচি গাছ, দেখিবা কুঁৱই-লতা লৰে লচ্-পচ্। ওলমে আকাশী-লতা মেৰাই-ঘোৰাই। দেখিবা ঢেকীয়া-লতা আছে পাক খাই।