সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাই.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) খোপাত মালতী-চাকি, জোনাকীৰ ফোঁট। ডিঙ্গিত গেজেৰা আৰু সোণোৱালী কোট। 'কত কিনো অলঙ্কাৰ চক্ৰমক্‌ কৰে— মেলা চুলি বতাহত কেনেকই লৰে! খোজত কঁকাল কেনে যায় ভাগি ভাগি। মিচিকীয়া হাঁহি থাকে মুখতেই লাগি। ডেকাবোৰে আয়মেৰে ফুৰে জুমপাতি; কত ধেমেলীয়া কথা পাতে হাঁহি-মাতি। উলাহত মন কৰে উখলমাখল— আনন্দত বুকুখনি কৰে টলবল। মূৰ্ত শুৱায় কেনে লাহৰি সেওঁতা। গোঁফ দেখি কোন আছে নেচাই যাওঁতা। হাতে হাতে একে৷ ডালি আমৰ চেকনী। মুখখনি জুৰি পৰে হাঁহি-বিৰিঙ্গণি। লৰাবোৰে চাৰিপোনে ফুৰে লৰিচৰি, ছাগলী-পোৱালি যেনে ফুৰে জাপ ধৰি। বাৰিষা নইত ফুৰে উটি বুৰি ফেন— ৰঙ্গত ওপঙ্গা তেনে লৰাবোৰো যেন। লৰোঁতেই সিহঁতে নো কত সুখ পায়; বতাহৰ লগে লগে উৰিবলৈ যায়। মূৰত পাখিৰ টুপি কেনে শোভা কৰে; বতাহত পাখিবোৰ নাচি নাচি পৰে।