পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(0.10) দি 'Journal of the Assam Research Society'ত প্ৰকাশ হৈছিল। Origin of the Assamese Drama নামক এবং বাহাটী বিশ্ববিদ্যালয়ৰ Aspects of Early Assamese Literature' নামক কিতাপত প্ৰকাশ হৈছে। ইয়াৰ বাহিৰেও ইংৰাজীত লেখা সমালােচনামূলক প্রবন্ধ 'Impressions of Pabashi Banga Sahitya Sanmelan Modern Review' আৰু 'Indian Reviewলৈ প্ৰকাশৰ বাৰে পঠাইছিল। ১৯৫৪ চনৰ জানুৱাৰী মাহব ২৪ তাৰিখে মৃত্যু হােৱাৰ আগলৈকে এনে প্রবন্ধ-পাতি তেওঁ লেখি আছিল। শেষৰ পিনে বৈষ্ণৱ আৰু শঙ্কৰদেৱৰ ধৰ্ম বিষয়ে নানা প্রবন্ধ-পাতি লেখিছিল আৰু সেইবােৰ তৎকালীন সাময়িক আললাচনী আৰু কাকতেপত্রে প্ৰকাশ হৈছিল। | ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব’ (Assamese Grammar and Origin of the Assamese Language) খনৰ লেখা কাম তেওঁ ১৯১২ চন মানতে আৰম্ভ কৰে। সেই সময়ৰ ‘আসাম বান্ধৱ’ কাকতত তাৰ কিছু কিছু অংশ প্রকাশ হয়। তেওঁ বহুত অধ্যয়ন কৰি, বহুত ঠাইলৈ গৈ লাইব্রেৰী আদিত কাম কৰি সমল গােটাইছিল আৰু নানা গবেষণাৰ অন্তত ১৯৩৬ চনত এই কিতাপখন নিজ খৰচত ছপা কৰি উলিয়াইছিল। আমি কলিকতাত ছাত্ৰাৱস্থাত থকা সময়তে কিতাপখনৰ ছপা কাম আৰম্ভ হৈছিল। আমি হৰেন কলিতাদেৱৰ লগত ছপা কামৰ তদাৰক কৰি ফ, আদি। চাইছিলাে; কিন্তু কিতাপখনৰ final proof দেউতাই নিজে চাই শুধৰাই দিহে print order দিছিল। কলিকতাৰ গৌৰাঙ্গ প্রেছে ছপা আৰু বন্ধোৱা কাম ধুনীয়াকৈ কৰি দিছিল। এইখন কিতাপৰ ইংৰাজীত লেখা বিস্তৃত Introduction খনকে এখন সুকীয়া মূল্যৱান গ্রন্থ বুলি কব পাৰি। এই Introductionত অসমীয়া ভাষা, ব্যাকৰণ, অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু প্রাচীন অসমীয়া কবিসকলৰ বিষয়েও ভালেমান কথা আগবঢ়োৱা হৈছে। মূল ব্যাকৰণখন অসমীয়াতে লেখা। পঢ়িলে তেখেতে কেনেভাবে খৰচি মাৰি অধ্যয়ন কৰি সমলসমুহ আহৰণ কৰিছিল সেই বিষয়ে জানিব পৰা যায়। | ১৯৬৬ চনত অর্থাৎ এতিয়াৰপৰা ৪২ বছৰ আগেয়ে ছপা হৈ ওলােৱা এই গ্ৰন্থখন কেতিয়াবাই শেষ হ’ল। সেই সময়ত মুঠেই ৫০০ কপি কিতাপ ছপা কৰা হৈছিল। ভাৰতৰ অন্যান্য ঠাইৰ উপৰিও ইংলেণ্ড, ফ্রান্স, জার্মানী আদি ঠাইলৈও এই গ্রন্থ পঠিওৱা হৈছিল। কিতাপবােৰ শেষ হৈ যােৱাৰ পিছতত জার্মানীৰপৰা অৰ্ডাৰ আহি আছিল। ১৯৬০ চনৰ পূর্বেই ছপা কিতাপ শেষ হৈছিল, তাৰ পিছত ব্যয়বহুল বাবে নিজে পুনৰ ছপাই উলিওৱা সম্ভব নহ'ল আৰু কোনাে প্রকাশকেও ছাপাই উলিয়াবৰ বাবে আগবাঢ়ি আহিবলৈ সাহ নকৰিলে। ইমান দিন পৰি থকাৰ পিছত গ্ৰন্থখন পুনৰ ছপা হৈ ওলােৱা বাবে আমি অতিশয় সুখ পাইছো। এনে এখন মূল্যবান কিতাপ আকৌ ছপা হৈ সুধীসমাজৰ আগলৈ আহিল, সেয়েই আমাৰ পৰম লাত। অসম প্ৰকাশন পৰিষদৰ সচিব; চন্দ্রপ্রসাদ