পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমার কথা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত কামৰূপ জিলাৰ হাজোৰ সন্নিকটস্থ ৰামদিয়া গাঁৱত আমাৰ পৰম শ্রদ্ধাভাজন পিতৃ-কালিৰাম মেধিদেৱৰ এটা মধ্যবিত্ত সম্রান্ত পৰিয়ালত ইং ১৮৭৮ চনৰ অক্টোবৰ মাহৰ এটা ততক্ষণত জন্ম হৈছিল। তেওঁ কামৰূপ জিলাৰ বৰপেটা সত্ৰৰ শাখা ৰামদিয়া সত্ৰৰ খ্যাতনামা মেধি পৰিয়ালৰ বংশধৰ। গাঁৱতে প্রাথমিক শিক্ষা শেষ কৰি তেওঁ কাইথেলি ভাষাত লেখা অক্ষৰ আদি পঢ়িবলৈ শিকিছিল। এই শিক্ষাই তেওঁক পুৰণি অসমীয়া পুথি আদি উদ্ধাৰ কৰা কামত সহায় কৰিছিল। প্রাথমিক শিক্ষাৰ পিছত গুৱাহাটী চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰপৰা তেওঁ ১৮৯৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ এন্টেল পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয়। এই পৰীক্ষাত অসমীয়া ছাত্ৰৰ ভিতৰত সংস্কৃত বিষয়ত প্রথম হােৱা বাবে হেমচন্দ্ৰ বৰুৱা আৰু হেমধৰ বৰুৱা সােৱৰণী ৰৌপ্যপদক দুটা লাভ কৰে । তাৰ পিছত কলিকতাৰ চিটি কলেজৰপৰা পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত সন্মানেৰে বি. এ. পাছ কৰি ১৯০৩ চনত কলিকত। বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ এম. এ. মহলাত উত্তীর্ণ হয়। ১৯০৪ চনত চৰকাৰী কামত চব-ডেপুটি কলেক্টৰ হিচাপে নিযুক্ত হৈ তেওঁ ভিন্ ভিন ঠাইত ছেটেলমেন্টৰ কাম কৰাৰ পিছত ই. এ. চি. হিচাপে কাম কৰে আৰু মহকুমাধিপতি আৰু অস্থায়ী জিলাধিপতি হিচাপে কাম কৰাৰ পিছত ১৯৩৬ চনৰ এপ্রিল মাহত অৱসৰ গ্ৰহণ কৰে। দক্ষতা আৰু সুখ্যাতিৰে কাম কৰা বাবে তেওঁ ৰায় বাহাদুৰ খিতাপ পাইছিল। অৱসৰ লােৱাৰ পিছতাে গুৱাহাটীত মেজি•ে কামত নিযুক্ত হৈছিল আৰু War Risk Insurance Special Officer হিচাপে নিযুক্ত হৈ বহুদিন কাম কৰিছিল। চাকুৰি জীৱনত সকলাে কাম নিখুঁতভাবে কৰা বাবে সেইসময়ৰ গভৰ্ণৰৰপৰা তেওঁ বিশেষ প্রশংসাপত্র পাইছিল আৰু সুদক্ষ প্রশাসনীয় বিষয়া হিচাপে যথেষ্ট সুনাম অর্জন কৰিছিল। | চৰকাৰী কামত সােমায়েই চৰকাৰী কাম কৰাৰ উপৰিও দেউতাই নানা বিষয়ৰ প্রবন্ধ-পাতি লেখিবলৈ আৰম্ভ কৰে। ১৯০৯ চন মানৰপৰা তেওঁ সেই সময়ৰ ‘আগাম বার আলােচনী আদি কাকতত ধাৰাবাহিক ভাবে নীতিমুলক, বিজ্ঞানমূলক, বুৰঞ্জীমূলক প্রবন্ধ-পাতি আৰু সমালােচনা আদি লেখিছিল। ১৯১৩ চনত তেওঁ প্ৰাক-শঙ্কৰী যুগৰ কবি হেম সৰস্বতীৰ প্রহলাদ চৰিত্ৰ পুৰিখন সংগ্ৰহ আৰু সম্পাদনা কৰি textual criticism সহ এখন পাণ্ডিত্যপূর্ণ পাতনিৰে ছপা কৰাই প্ৰকাশ কৰিছিল। পৰবৰ্তী কালত ইংৰাজীত লেখা প্রবন্ধ -The Kalitas, Brajabali Literature in Assam