পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব one's body); অন্ন-জল (অল্প আৰু জল, food and drink= like, longevity); নাতি-পুতি (নাতি আৰু পুতি, grandson and son = descendants, posterity); তিৰী-ছলি ( তিৰী আৰু ছলি, woman or wife and children = family); (মাহ-চাউল (মাহ আৰু চাউল, pulse and rice= an offering of eatables presented to a deity and then distributed in a religious gathering); ইত্যাদি। | (ক) একশেষ ॥ (Elliptical Dvandva): কেতিয়াবা কেইবাটা নামৰ একেটা ৰাখি তাত বহুবচনৰ প্রত্যয় যােগ কৰি আটাই কেইটাকে নির্দেশ কৰা হয়। এনে দ্বন্দ্ব সমাসক একশেষ দ্বন্দ্ব বােলে। একশেষৰ অৰ্থ শেষ এট। (remainder of one)। যেনে, ৰামত (অর্থাৎ ৰাম, হৰি, গগাবিন্দ আদি, Ram and others)। ৫০৫। মুল (Derivation) সংস্কৃতত এই সমাসৰ চলতি বৰ বেচি। বৈদিকত সচৰাচৰ যােবা যােব। নাম যােগ কৰিবলৈ দ্বন্দ্ব সমাস কৰা হৈছিল। যেনে, মিত্রা-বৰুণা (ঋক্, Mitra and Varuna); দ্যাৱা-পৃথিৱী ( ঋক্, heaven and earth); সূর্ষা- চন্দ্রমসা (ঋক্, sun and moon); ইত্যাদি। পালিতত তেনে; যেনে, সমণ-ব্ৰহ্মণ (সমণ চ ব্ৰহ্মণ চ, a Buddhist priest and a Brahmin ); সাৰিপুত্ত-মােগগলনা (সাৰিপুত্ত চ মােগগগন চ, Sariputta and Moggalana); হত্তি-অসস (হত্তি চ অসচ, elephants and horses)। অসমীয়াতে। তেনে ; যেনে, মাছ-কাছ (fsh and turtle); ডাঢ়ি-গোঁফ (beard and whiskers)। (ক) বৈদিক যুগতে কেতিয়াবা দ্বন্দ্ব সমাসৰ উভয় নাম উল্লেখ নকৰি কেৱল প্ৰথমটো ৰখাৰ নিয়ম চলিছিল আৰু দ্বিতীয়টো সাধাৰণতঃ পৰিত্যাগ কৰা হৈছিল। সংস্কৃতত তেনে ৰক্ষিত শব্দটোক সাধাৰণতঃ দ্বিবচনত আৰু বৈদিকত বহুবচনত থােৱা হৈছিল। যেনে, স, পিতৰৌ, বৈ. পিতৰা (ঋক্,, father and mother); স. জানে, বৈ, ছাৱা (4, heaven and earth)। সংস্কৃতত এই সমাসৰ নাম একশেষ । ১। Macd. Vedic Gramm, s 286 ২। কাচ্চায়ন, Pali Graman, & 185