পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৪১ পালিত সাধাৰণতঃ শেষৰ শব্দটো লােপ নহয়, কিন্তু সমাসটো বহুবচনায় হয়। যেনে, অজেলেক বা অয়েলকা (অ চ এলকো চ, a goat and aram)। অসমীয়াত একশেষ দ্বন্দ্বত সদাই বহুবচন হয়। যেনে, মহঁত (Ram and others)। | (খ) বিশেষণৰ বৰ সমাস হলে সংস্কৃত আৰু বৈদিকত শব্দ দুটাই বিপৰীত ভাব বুজায়। যেনে, উৎকুল-নিকুল (বা, স, going uphill and downhill)। অসমীয়াত তেনে ; যেনে, ওখ-চাপৰ (high and low : tall and short); নাজ-নথিল (neither water nor land); উচা- নীচা (high and low)। বিশেষণ শব্দ দুটাই যদি বৰণ বুজায় তেন্তে সমাসত সিহঁতৰ অৰ্থ এটা মিশ্র বর্ণ হয়। যেনে, নীল-লােহিত (ঋক্, blue and red=dark red)। অসমীয়াত তেনে হয় ; যেনে, ৰঙা-মুগা (reddish yellow); তেল-ক’লা ( shining black ); কলা-কলা (dark purple)। ৩। বহুব্রীহি সমাস (Possessive compounds) ৫৬। বহুব্রীহি সমাস ('Possessive compounds): বহুব্রীহি অর্থ বহুত ধান থকা (possessing much rice)। এই সমাস হলে সাধাৰণতঃ শব্দটো বিশেষণ বা বিধেয় ( predicate) হয় আৰু কেতিয়াবা নিশ্চিত সম্বন্ধ-বাচক শব্দ হয়। তাৰ অর্থ সম্বন্ধ-বাচক সর্বনামৰ দ্বাৰা প্রকাশ কৰিব পাৰি। শেষৰ শব্দটো সংজ্ঞা-শব্দ; কিন্তু সি সাধাৰণত তজিত (আ, ঈ, বা ঈয়া) প্রত্যয়ান্ত হৈ বিশেষণ হয়। সমাসৰ পদ দুটাই নিজ নিজ অর্থ প্রকাশ নকৰি আন এটা অর্থ বুজায়। এই সমাস দুবিধ - কর্মধাৰয়-বহুব্রীহি আৰু তৎপুৰুষ-বহুব্রীহি। ৫০৭। কর্মধাৰয়-বহুব্রীহি (Karmadharaya possessive)—এই সমাসত প্রথম পদটো গুণবাচক বিশেষণ, একার্থবােধক সংজ্ঞা বা অব্যয় হয়। সাধাৰণতঃ তুলনা অৰ্থত এই সমাস হয়। যেনে, কামী-হাড় (কামীৰ দৰে যি হাড় সি কামী-হাড়, bone like split bamboo used in tying wall coss-wise=a rib); ঢেকীয়াপতীয়া (ঢেকীয়াৰ পাতৰ দৰে আঁচ যাৰ গাত সি ঢেকীয়া-পতীয়া, that which has stripes like the leaves of a fern =a species of tiger); পিতল-চকুৱা