পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৪৭ ২। স্ব সমাস (Co-ordinative or Collective compounds) ৫৪। দ্ব সমাস (Co-ordinative compounds) দ্বশ্বৰ অৰ্থ যােবা (pair or couple)। সাধাৰণতঃ দুটা বা ততােধিক সংজ্ঞা-শব্দ আৰু কেতিয়াবা তেনে বিশেষণ-শব্দ সংযােজক অব্যয় ‘আৰুৰ দ্বাৰা যুক্ত হলে যৌগিক শব্দটোৰ ঘৰ সমাস (Co-ordinative or collective compound) হয়। সংযােজক অব্যয় ‘আৰু লােপ হয়। যেনে, গায়ন-বায়ন (অর্থাৎ গায়ন আৰু বায়ন, singer and drummer= a band of musicians); ঢাৰি-পাটা (ঢাৰি আৰু পাটা, mat and fine mat= a bed ); তামােল-ছালি (তামােল আৰু ছালি areca-nut and bark of a certain tree=a preparation of areca-nut, pan, lime and bark of a certain tree); গৰু-ম'হ (গৰু আৰু ম'হ, cow and buffalo=cattle); হাঁহ-পাৰ (হাঁহ আৰু পাৰ, duck and pigeon = poultry); তেল-টেঙ্গা (তেল আৰু টেঙ্গা, oil and acid =a mixture of such things); চুণ-খাৰ (চুণ আৰু খাৰ, lime and soda =pungent taste like that of lime and soda); পালী-পহৰী (পালী আৰু পহৰী, persons working by turn and watchmen=guard); ৰান্ধনবাঢ়ন (ৰান আৰু বাঢ়ন, cooking and distribution=cookery); কথন- মথন (কথন আৰু মথন, speaking and churning=conversation); “নাক-চুলি কাটো” (নাক আৰু চুলি কঁাটো, I cut nose and hair= expose and humiliate one); অভাল-ভাল (অভাল আৰু ভাল, want of health and health= death); আই-বােপাই ( আই আৰু বেপাই, mother and father=parents); ছা-ছলি (ছা আৰু ছলি, স, ছা= an infant, a child and স. ছল্লি =offspring, progeny. Hence infant and offspring=children); বােৱাৰী-বেটী (বােৱাৰী আৰু বেটী, daughter-in-law and daughter = womanfolk); লৰা- ছােৱালী (ল’ৰা আৰু ছােৱালী, boy and girl =children); কাপােৰ- কানি (কাপােৰ আৰু কানি, cloth and rag=clothing); ধুন-পেঁচ (ধুন আৰু পেঁচ, decoration and embellishment=decoration of