পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব একার্থ-প্রতিপাদক বা গুণবাচক আহিল। ইয়াক তিনি কমে প্রকাশ কৰা হৈছিল। (১) দুয়াে সংজ্ঞা-শব্দ হলে প্রথমটো দ্বিতীয়টোৰ গুণবাচক বিশেষণ স্বৰূপে ব্যবহৃত হয়। সংস্কৃত আৰু বৈদিক উদাহৰণ:-পুৰুষ-মৃগ (বা. স. male antelope= man); উক-যাতুঃ (ঋক্, owl-demon= demon in the form of an owl); পুৰুষ-ব্যা: (বা. স. man-tiger=a kind of demon); ধাৰবাক (ঋক্, sounding like a stream)। অসমীয়াতে তেনে ; যেনে, ঘােৰা-ৰাক্‌।। পালিতত তেনে ; যেনে, ৰবি-হ (a sun-duck); তসিল (Taxilla )। (২) প্রথম পদ বিশেষণ আৰু দ্বিতীয়টো সংজ্ঞাশব্দ হলে প্রথমটো গুণবাচক হয় অর্থাৎ প্রথমটো বিধেয় (predicate) আৰু শেষৰটো অনুবাদ্য বা উদ্দেশ্য (subject) হয়। যেনে, সংস্কৃত বা বৈদিক-নৱাৰ (খ, new-pain)। অসমীয়াতত তেনে ; যেনে, কলা-আজব ( black-fever); কলাপানী ( it. black-water=transportation)। | পালিতত তেনে ; যেনে, লােহিত-চন্দনন্ (= লােহিত চন্দনন্• red sandalwood ); মহা-গহপ্পতি ( =great house-master)। | (৩) কেতিয়াবা প্রথম পদটো উপসর্গ, অব্যয় (বা ক্রিয়া বিশেষণ) হয়। যেনে, সংস্কৃত বা বৈদিক,পুনৰ-নৱ (ঋক্, renewing itself); পুৰােযাৱ (ঋক্, going before); সায়ম-ভৱ (অ. বে. becoming evening ); সুৱসন (fair garment); স ৎসৰ (ঋক্, full year)। অসমীয়াতে তেনে ; যেনে,-“মুফুল ফুলিছে পিন্ধোতা নাই (Beautiful flowers have bloomed but none to wear them); পালিত তেনে ; যেনে, অভিখু (not a priest); বিমুখখা (an ugly face); কুঅসন (bad food ); সুগন্ধা (good smell ); কুপুৰি বা কাপুর্স। (bad men); কুদাসা (bad slaves); তিৰ-পল্পত (beyond the mountains )। ১ Macd, vedic Gramm. $183.