পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৪৫ breadth-wise lap: a particular mode of carrying a child on the two arms by a person); পােণ-পটি (পােণ যি পটি বা বাট সি পােশ-পটি, it. shafght road : straight-forwardness); তৰুৱা- কদম (তৰুৱা বা ক্ষুদ্ৰ যি কদম সি তৰুৱা-কদম, a kind of tree); আগ- চালি (আগ বা সম্মুখৰ যি চালি সি অগিচালি, a verandah); ইত্যাদি। | (৩) ক্রিয়া-বিশেষণৰ দ্বাৰা (by an adverb): অব্যয়ীভাৱ সমাস ( Adverbial compound ):- এই সমাসত প্রথম পদটো ক্রিয়া-বিশেষণ, অব্যয় বা উপসর্গ হলেও গুণবাচক হয়। সংস্কৃতত এই সমাসৰ নাম অব্যয়ীভাব। উদাহৰণ : সু-খবৰ (সু বা উত্তম যি খবৰ সি সু-খবৰ =good news ); কু-সপন (কু বা বেয়া যি সপন সি কু-সপন, evil dream); আতি-গুৰি ( অতি আদি যি গুৰি সি আতি-গুৰি, origin); পুনচ-বিয়া (পুনৰ বা আকৌ যি বিয়া সি পুনচ-বিয়া, the ceremony performed on a girl attaining puberty); পুনর্নৱা (পুনৰ বা আকৌ নৱ যি শাক সি পুনর্নয়া, the hog-weed ); আও-বাট ( আও বা বেয়া যি বাট সি। আবাট, wrong way); আভুৱা (আ বা ন+ ভুৱা বা জ্ঞান যাৰ সি আভুৱা, unacquainted or stupid ); উপবিহ (উপ বা উপৰীয়। যি বিহ সি উপবিহ, a narcotic poison); বিগঢ়ী (বি বা বেয়া গঢ় যাৰ সি বিগঢ়ী, ugly); বিজাতৰীয়া (বি বা বেয়া জাতৰ যি সি বিজাতৰীয়া, degraded in caste : degenerated); বিজুটি (বি বা নাই জুটি যাৰ সি বিজুটি, want of convenience); বিসতি বা বেসঙ্গতি ( বি বা নাই সঙ্গতি বা সুবিধা যাৰ সি বিসঙ্গতি, inconvenience); বিবুদ্ধি ( বি বা নাই বুদ্ধি যাৰ সি বিবুদ্ধি, perplexity); উপ-চকুৱা (ওপৰৰ ফালে চকু যাৰ। সি উপ-চকুৱা,. a kind of fish); ইত্যাদি। ৫০৩। মুল (Derivation)। আদি প্রাকৃত বা বৈদিত এই সমাসৰ ব্যৱহাৰ নিচেই কম আছিল। ইয়াৰ নামকৰণ সংস্কৃতৰ শেষৰ যুগত হে হৈছিল । আদিতে পদ দুটাৰ ভিতৰত শেষৰটো সংজ্ঞা-শব্দ হৈছিল; কিন্তু কেতিয়াবা কৃদন্ত বা সাধাৰণ বিশেষণণা হৈছিল। দ্বিতীয় পদটোৰ লগত প্রথম পদৰ সম্বন্ধ