পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাস ৪৪৩ ১। কর্মধায় সমাস (Descriptive determinatives) ৫২। কর্মধারয় সমাস (Descriptive or appositional determina- tives): সি সমাসত সমস্যমান পদবিলাকে বিশেষ্য আৰু বিশেষণৰ ভাৱ গ্ৰহণ কৰে নাইবা অভেদ সম্বন্ধত একার্থ-প্রতিপাদক হয় তাক কর্মধায় সমাস বােলে। এই সমাসত প্রথম পদটোৱে শেষৰ পদটোক সংজ্ঞা-শব্দ হলে বিশেষণ স্বৰূপে আৰু কৃদন্ত-সংজ্ঞা হলে ক্রিয়াবিশেষণ স্বৰূপে প্রকাশ কৰে। প্রথম পদৰ লগত দ্বিতীয় পদৰ সম্বন্ধ অবয়বােধক বা একার্থ-প্রতিপাদক ( appositional ), গুণবাচক (attributive) বা ক্রিয়াবিশেষণ-বােধক (adverbial) হয়। ইয়াক তিনি কমে প্রকাশ কৰিব পাৰি :- (১) সংজ্ঞা-শব্দৰ দ্বাৰা (by a substantive )- (ক) শেষৰ পদটো সংজ্ঞা শব্দ হলে প্রথমটো গুণবাচক বিশেষণ স্বৰূপে ব্যৱহৃত হয়। যেনে, ঘােৰাবাক ( ঘােৰাৰ দৰে ওখ যি বাক, a fabulous water-demon eating fish, সি ঘােৰাবাক = as tall as a বাঁক, i.e, very tall); জোন-বিবি (জোনৰ দৰে যি বিৰি সি জোন-বিৰি=a crescent-shaped ornament worn in a necklace); বেজী- দাত) বেজীৰ দৰে জোঙ্গা যি দাত সি বেজী-দাত = sharp-pointed tooth like a needle); পিতল-চকু ( পিতলৰ দৰে যি চকু সি। পিতল-চকু =yellow eye); ধাৰ-চাপৰ ( ধাৰাৰ বা সেঁতৰ দৰে যি চাপৰ সি ধাৰ-চাপৰ =a severe blow with open hand ); ভেট-গুটি ( ভেটৰ গুটিৰ দৰে সৰু যি গুটি সি ভেট-গুটি = a ball as small as the seed of water-lily)। সেইদৰে টাং-গুটি (a ball for playing the game of Tang with); বাঘজৰী (bridle: reins of a horse attached to a car); বাঘ-জালী (a hiding place for persons laying snares for birds); উৰুলি-পুঙা (as light as a doat used in fishing : hence, unsteady and worthless : a vagrant); ইত্যাদি। | (খ) শেষৰ পদটো কৃদন্ত বিশেষণ বা সংজ্ঞা হলে প্রথমটো অভেদ সম্বন্ধত একার্থ-প্রতিপাদক ( appositional) হয়। যেনে, বিঠা-দগৰ ( ৰিঠা মাছ দগৰাৰ দৰে যি কাম সি ৰিঠা-দগৰা = beating like a Ritha fish);