পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাংশ প্রীলিঙ্গত টা, গুটী, এনী, খনী আৰু দুখুৰী হয়। উদাহৰণ: পুথিখন (the book ), কন্যাখানী (the bride); বন্তি- খৰ (the candle); সাপখৰা (the snake : lit. the piece of snake); মঙ্গইখুতুবা,-খুতৰা (the piece of flesh); এখুতুবা (a piece); ধান- গােহা (the bundle of paddy); খৰিকোহা (the bundle of fuel); লেজুগছ (the piece of rope); বলধগােট (the bullock) : “ঘাৰণােট পালতায়া এক আখি চাই। সচকিত মনে সি আহাৰ পানী খাই।”, মা. ক. মানুহজনী (the woman); মানুহটো (the man); হােৱালীটা (the girl); মাহটুকুৰা (the piece of fish); পানীটোপা (the drop of water); এডাল বাঁহ (one bamboo); জৰিডাল (the piece of rope); দূতা- ডালি (the piece of thread); কাঠ ডােখৰ (the piece of wood); তামােলখােক (the bunch of arecanuts); আঙ্গুৰথােপা (the bunch of grapes); মণিৰ (the string of beads): ব’ঠাপাট (the car); | “এক পাট শৰে বালী সঙ্কলিলা জীৱ”।, শঙ্কৰ; বাহছােপ (the clump of bamboos); এফেৰা চুণ (a little lime); গােলদা (the lump or mass of cowdung); বেতসূত (the piece of split and dressed cane)। এইবিলাকৰ বাহিৰেও চটা (fat piece), খিলা (leaf like thing), আটি (bundle), সােপা (mass), বিৰা (leaf) আদি বহুত শব্দাংশ আছে। সৱনাম বা বিশেষণ লগত এনে শব্দাংশ যােগ হলে সাধাৰণতঃ সংজ্ঞা-শব্দ এটা উহ্য থাকে। যেনে, এইটি (this, ie. this thing); আগৰটো (the former, ie. the former man or thing); ইত্যাদি। ইকাৰান্ত শব্দাংশবিলাক (অর্থাৎ খানি, গছি, টি, ডালি, ইত্যাদি) অল্পর্থে ব্যৱহৃত হয়। যেনে, চৰাইটি (the little bird); শেলপাটি (the small spear); ইত্যাদি। ৪৯৮। মুল (Derivation) (ক) খন, খান, খনি, খানি-সংস্কৃত ৩ (a piece), এ. খ , (হেমচ, ২৯৭), অপ, খড়, খই, (হেমচ, ৪৩৪০, ৪৪৪), খন, খান। আর্থিক ‘ই’ যােত খনি, খানি আৰু স্ত্রীলিঙ্গত ‘ই’ হলে থানী হয় (৩০)।