পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তঙ্কিত ৪১৭ প্রথম থৰা:-যেনে, মেলুৱৈ (members of a mel or village assembly) from মেল (assembly); ঘাটুৱৈ, ঘাটে (ferryman) from ঘাট (a ferry, a landing or bathing place); হাটুৱৈ (a visitor of a Hat or market) from হাট (a market); হালুৱৈ (ploughman) from হাল (a plough); বনুৱৈ (workman) from বন (work; পমুৱৈ, পামুৱৈ (a cultivator in a Pam) from পাম (a farm, or cultivation in a distant place); দলৈ (manager of a temple) from দ’ল (a temple); ইত্যাদি। এই বিধৰ বহুত শব্দ এই প্রত্যয়ান্ত নহয়। যেনে, কাৱৈ (a kind of fish) from স, কষী; পেংলাই (jest) from কছ, পেংলাই ; বাঢ়ৈ (carpenter) from স. বন্ধকি; বেফাই (calamity) from স. বিপদ ( ১৪০ ); ইত্যাদি। | দ্বিতীয় থ: যেনে, বৈনাই (younger sister's husband) from বেনী, ভনী (sister); মেলুৱাই (members of a meeting : ওপৰত দেখা); পাণােৱাই (smoker of পাণ, ie, opium) from পাণ (betel- leaf); গছােৱাই (skilled in climbing trees) from গছ (a tee); ইত্যাদি। ৪৬৬। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত ‘পতি' (owner) বুলি অনুমান হয়। সংস্কৃত পতি শব্দ আদিতে থাকিলে তাৰ ঠাইৰ প্ৰাকৃত ‘পই হয় (হেমচ, ১৫)। কিন্তু কোনাে শব্দৰ পিচত বহিলে সি ই হয় (হেমচ, ১১৩৪)। যেনে, স. পিতৃপতিঃ ( Yama, Pluto), প্রা. পিউৱই ; গৃহপতি (master of the house ), প্রা. গহৱই (বৰৰু. ৪৩২)। অসমীয়াতত তেনে হয়। যেনে, স, মেলপতিঃ (councillor ), প্রা, মেলৱই, অ, মেলৱই। আকৌ অসমীয়া শব্দৰ সৰল আকৃতিত কেতিয়াবা উপধা বৰ একাৰ বা ওকাৰ হয় ( ৯৫)। এতেকে সৰল আকৃতিত ‘মেলৱই শব্দ রূপান্তৰিত হৈ ‘মেলুই’ বা ‘মেলুৱৈ হয়। সেইদৰে বসুৱৈ, পমুৱৈ আদি শৰ সি হৈছে।