পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত বতৰাল (seasonable) from বতৰ (weather, season); পাহুল (plump, fat) from পাহ, স. পাশঃ (lit. top); ইত্যাদি। পঞ্চম থ: ই বিশেষ্য আৰু বিশেষণ সিদ্ধ কৰে। যেনে, আগােল (rower, boatman at the prow) from আগ (head, top); ঘাটোৱাল (feryman) from ঘাট (a landing or bathing place on a river-bank); হাটোৱাল (a visitor of a hat) from হাট (market); খাতােৱাল (a tenant in a Khat) from খাত (an estate); সােণাৱাল (gold-washer) from সােণ (gold); লাহােৱাল (worker in lac) from লা, লাহ (lac); মতােৱাল (intoxicated ) from মত্ত (intoxication); সােপােৱালী, রূপােৰালী, ইত্যাদি (দ্বিতীয় থৰা দেখা)। ৪৪৬। মূল (Derivation) এই প্রত্যয়ৰ মূল প্রাকৃত তদ্ধিত ‘আল’ প্রত্যয়। প্রাকৃতত সংস্কৃত বৎ বা মৎ প্রত্যয়ৰ ঠাইত ‘আলু’, ‘আল’ আদি প্রত্যয় হয় (হেমচ. ২১৫৯; বৰৰু, ৪২৫)। যেনে, স. ধনৱৎ (rich), প্রা. ধণাললা; স. জ্যোৎস্নাৱৎ (lustrous; illuminated ), প্রা. জোণহালাে, জোনালী। সংস্কৃত লচ, প্রত্যয়—যেনে, অংসল, মাংসল আৰু সংস্কৃত আল প্রত্যয়—যেনে, বাচাল এই প্রত্যয়ৰ পৰা পৃথক। সংস্কৃত লচ, প্রত্যয়, যেনে জটাল এই প্রত্যয়ৰ অনুৰূপ হলেও এই প্রত্যয়ৰ মূল বৎ' বুলিহে বিশ্বাস হয়। প্রাকৃত ‘আল স্ত্রীলিঙ্গত ‘আলী হয়। এই দুই প্রত্যয়ৰ পৰা অসমীয়া ‘আল আৰু ‘আলী প্রত্যয় আহিছে। আলী প্রত্যয়ৰ পাচত স্বাধিক ‘কা (আ) প্রত্যয় যােগ হলে আলআ=আলী বা আলি হয়। ই যদিও স্ত্রীলিঙ্গ প্রত্যয় তথাপি অসমীয়াত পুলিঙ্গতত ব্যৱহৃত হয়। প্রাকৃতৰ সময়তে যে লিঙ্গ- বিপর্যয় ঘটিছিল (হেমচ, ১৩১-৩৬, ৪৪৪৫) সেই কথা পাহৰিব নালাগে। অসমীয়াত শব্দৰ অন্তত থকা ই বা ঈ-ৰ ঠাইত ই হয় ($ ১১৩)। সেই নিয়মে ‘আলী’ৰ ঠাইত বিকল্পে ‘আলি হয়। আল-প্রত্যয়ৰ আগত অসমীয়া ইয়া’ ( ৪৪৩), ‘উৱা আৰু ‘ওৱা ( ৪৪১) প্রত্যয় যােখ কৰিলে ইয়াল, উৱাল আৰু ওৱাল প্রত্যয় পােৱা যায়। প্রাকৃতত ৰ বৰ প্রাপ্তি আৰু ‘তৰ ঠাইত কেতিয়াবা বা ল হয় ( ১৪২)। এই নিয়মে