পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ | অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব প্রা. হলিও, হালিও (হেমচ, ১৬৭)। অসমীয়াতে এই নিয়ম ৰক্ষিত হৈছে:—যেনে, কপটীয়া (hypocrite ), স, কাপটিকঃ ; অনুকূলীয়া (favourable), স, আনুকুলিক। সেইদৰে লক্ষণীয়া (characteristic, indicatory), স, লাক্ষণিক; শাখুটীয়া ( armed with a club or cudgel ), স. লাকুটিকা ; কথীয়া (speaker : cf. বৰকথীয়া), স. কাথিক (a narrator of stories); মঙ্গলীয়া ( auspicious, tending to good fortune : cf. বিমঙ্গলীয়া, অমঙ্গলীয়া), স. মাঙ্গলিক ; সমজুৱা (belonging to, member of, an assembly ), স. সামাজিক ; অঙ্গীয়া (pertaining to a limb), স, আঙ্গিক; বছৰীয়া, বছেৰেকীয়া (of the age of; annual) স. বার্ষিক, বাৎসৰিক ; মহীয়া, মাহীয়া (monthly) স, মাসিক; কলিঙ্গীয়া ( belonging to Kalinga ), স. কালিঙ্গিক ; নগৰীয়া (belonging to a town ), স. নাগৰিক; ইত্যাদি। (খ) সংস্কৃত শব্দৰ আদি ঐকাৰৰ ঠাইত প্রাকৃতত একাৰ হয় ( হেমচ, ১১৪৮)। যেনে, স. তৈলম্ ( oil ), প্রা. তেল্লম্ (হেমচ. ১২০০; ২৯৮ ), অ, তেল ; স, শৈল (rocky), প্রা, সেলা, অ, শিলা; স, বৈদ্য (a physician), প্রা. ৱেজ্জো (হেমচ. ১১১৪৮), অ, বেজ ; স. সৈন্য ( soldier), প্রা. সে, অ• সেনা ( হেমচ, ১১৫০ ); স, ত্রৈলােক্যম্ (the three worlds), প্রা. তেলােক (হেমচ. ১১১৪৮); স. ৱৈৰম্ (enmity, hostility) প্রা. বে; স, ৱৈতালিকঃ ( bard, minstrel ), প্রা. ৱেআলিও; স. বৈশিক ( an associate of a harlot ), প্রা. ৱেসিও ( হেমচ. ১১১৫২); ইত্যাদি। অসমীয়াতে এই নিয়ম ৰক্ষিত হৈছে ( ১৩৭)। যেনে, বেতনীয়া (salaried ), স, বৈতনিক; তেলীয়া ( oilman ), স, তৈলিকঃ ; ইত্যাদি। (গ) সংস্কৃত শব্দৰ আদি ঐকাৰ প্ৰাকৃতত কেতিয়াবা ইকাৰ হয় ( হেমচ. ১১৪৯)। যেনে, স. সৈন্ধৱম্ (a kind of rock-salt ), প্রা, সিন্ধৱম্ ; স, শনৈশ্চৰঃ ( saturn), প্রা. সণিচ্ছৰৰ। অসমীয়াত তেনে হয়। যেনে, বিদেশীয়া ( foreign, foreigner ), স. বৈদেশিকঃ ; বিদেহীয়া . belonging to, or coming froin Videha), স. ৱৈদেহিক; পিশাচীয়া। ( infernal ), স. পৈশাচিক; ইত্যাদি। (ঘ) সংস্কৃত শব্দৰ আদি ঔকাৰৰ ঠাইত প্রাকৃতত ও আৰু উ হয় ( হেমচ. ১১১৫৯-১৬০)। যেনে, স. কৌশিকঃ ( incased ), প্রা. কেসিও;