পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪•• অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কৰােতা অর্থত,—বিগ্রহীয়া ( engaged in war), কন্দলীয়া (quarrelsome), জগৰীয়া (accused ), ইত্যাদি। স্থানার্থত, কলিঙ্গীয়া (belonging to Kalinga), গুৱাহাটীয়া, (relating to Gauhati), তেজপুৰীয়া (born in, or relating to, Tezpur ), ইত্যাদি। কেতিয়াবা ঈয়া’ৰ ঠাইত উৱা’ বা ‘ওৱা হয়। যেনে, সমজীয়া, সমজুৱা (members of an assembly); জালীয়া, জালােৱা (fowler, fisherman), ইত্যাদি। ৪৪৪। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত ঈয়’ প্রত্যয় বুলি সহজে ভাবিব পাৰি। সংস্কৃত ‘ঈয়’ প্রত্যয় প্রাকৃতত কেতিয়াবা ‘কে’ (হেমচ, ২০১৪৭) আৰু কেতিয়াবা। ‘কে’, ‘ই’ (হেমচ, ২০১৪৮) হয়। যেনে, স, অম্মদীয়ঃ (belonging to us), প্রা. অমূহকেৰাে, অমূহকেৰাে ( হেমচ. ২৯৯); ৰাজকীয় (belonging or pertainingtotheking), প্রা. ৰায়কেৰ, ৰাই (হেমচ. ২১৪৮); ইত্যাদি। প্রাকৃত ‘ই’ প্রত্যয়ৰ ‘ক’ লােপ হলে ই থাকে আৰু স্বাধিক প্রত্যয় ‘অ’ (ক) যােগ হলে ইঅঅ=ইআ বা ইয়া হয়। আর্থিক ‘ক’ যােগ হলে পূৱ স্বৰ দীর্ঘ হয়। যেনে, লাউণকে, লাউণাকে ( loveliness ), স, লাৱণ্যক। এতেকে ‘ইআ’ৰ ঠাইত ঈআ হয়। অসমীয়াত এই নিয়মে ইআ’ৰ ঠাইত ঈ বা ঈয়া হয় ( ১১৭)। আকৌ সংস্কৃত ‘ঈয়’ৰ য় লােপ হলে ঈ থাকে আৰু আর্থিক ‘অ’ যােগ হলে ঈয়া হয়। যেনে, অ. পৱৰ্তীয়া ( belonging to mountain, mountaineer) স. পৱতীয়ঃ, প্রা, পৰ্বতীও; অ. দেশী (country-made), স, দেশীয়ঃ, প্রা. দেসীও (?); যােজনীয়া (of the length of a যােজন), স, যােজনীয়, প্রা. জোজণীও (); ইত্যাদি। এতেকে সংস্কৃতৰ পৰা পােণে পােণে বা প্রাকৃতৰ মাজেদি ‘ঈয়’ প্রত্যয় ‘ঈয়া’ হৈ অসমীয়ালৈ আহিছে বুলি ভাবিব পাৰি। কিন্তু ঈয়-প্রত্যয়ান্ত শব্দ সংস্কৃতত অতি বিৰল। সেই দেখি অসমীয়া ‘ই’ আৰু ইয়া’ প্রত্যয় সংস্কৃত ‘ঈয়’ নহয়, সংস্কৃত ইক’ প্রত্যয়ৰপৰা অহাহে বেচি সম্ভৱ। তেতিয়া সংস্কৃত ঈয়-প্রত্যয়ান্ত শব্দ কাল্পনিক (hypothetical) ইক প্রত্যয়ান্ত বুলি ভাবিব লাগিব। সংস্কৃত তদ্ধিত ‘ইক’-প্রত্যয় প্রাকৃতত ইঅ (ইও) হয়। যেনে,