পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদ্ধিত ৩৯৩ দ্বিতীয় বিশ্ব পুলিঙ্গ ৪৩৯। ১। সা. লি. আ স্ত্রীলিঙ্গ তাত হােৱা বা তাৰ সম্বন্ধ বুজাবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। যেনে, বুনা (born in, or coming from, the forest) from বন, স. বনম ( forest); দিনা (born during the day time, পু,) দিনাে (স্ত্রী.) from দিন, স, দিনম্ (day); জঙ্গলা ( jungly,পু,), জঙ্গলী (স্ত্রী.) from জঙ্গল, স, জঙ্গলম্ ( jungle); মৈহা, মৈষা, ভৈচা (relating to, or coming from buffalo) যেনে, মৈহা-জোক (a kind of water leech); মৈষা বা ভৈচা দুধ (buffalo-milk) from মৈহ, মহ, ভৈচ, স, মহিষঃ (buffalo); গেঁৰা (pot-bellied) from গেঁৰ, স, গােণ্ডঃ (fleshy navel); শিলা (rocky stony) from শিল, স. শিলা ( stone or rock); পৰা, জাপৰা (bushy ), জাপৰী (স্ত্রী.), from জাবৰ (untrimmed hair, rubbish ), স, যাৱসঃ (a heap of grass); আহিনা (one born in Asvin ) from আহিন (the month of Asvina ), স. আশ্বিন ; শাওনা (one born in Sravana ), শাওনী (স্ত্রী.) from শাওন, (the month | Sravana); চৈ (one born in Caitra ), চৈতী (স্ত্রী.) from চত, চৈত, স. চৈত্রঃ (the month of gaitra ); ইত্যাদি। ৪৪। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত প্রত্যয় ‘ক’ (কণ) আৰু ই সাধাৰণতঃ অকাৰান্ত বা আকাৰান্ত শব্দৰ পাচত যােগ হয়। প্রাকৃতত ‘ক’ৰ ঠাইত ‘অ’ ( =ও, এ) হয় ( হেমচ, ১৬৭, ৮২)। তাত হােৱা অৰ্থত সংস্কৃতত অণ, ণ, (য), কণ, আদি প্রত্যয় হয়। অসমীয়া ‘আ’ প্রত্যয়য় এই অৰ্থত হয়। যেনে, কণ, প্রত্যয়-স, আৰণ্যক ( wild, born in a forest) from অৰণ্য (forest); ধানুফ (one earning livelihood with a bow) from ধনু (a bow)। ইয়াত এই কথা মনত ৰাখিব লাগে যে প্রাকৃত আৰু অসমীয়াত আদি (পদ-মধ্যবর্তী) আকাৰৰ ঠাইত অকাৰ হয় (৪১২৬)। আকৌ প্ৰাকৃতত ঐকাৰৰ ঠাইত অই, এ বা ই (বৰ, ১৩৪-৩৯)