পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাতুৰূপৰ সংক্ষিপ্ত নিয়ম ৩২৯ তৃতীয় পুৰুষৰ ‘এ’ গুচি য়’ বা ‘ই হয়। যেনে, খায় বা খাই (৫he eats ); দিয়ে বা দেই (he gves); ইত্যাদি। | (ছ) অনুজ্ঞাৰ বর্তমানত দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থত ধাতুত কোনাে বিভক্তি যােগ নহয়। যেনে, হ (thou beest); খা (thou eatest); নে (thou takest); ইত্যাদি। ( () অনুজ্ঞাৰ বৰ্তমানৰ তৃতীয় পুৰুষত স্বৰান্ত ধাতুৰ পাচত ‘ওক’ বিভক্তিৰ ঠাইত বিকল্পে অ বা ক হয় আৰু ‘অটো সন্ধিৰ নিয়মে (৪৬৫) র বা য় হয়। যেনে, হওক বা হক (let him be); খাওক বা খাক ( let him eat); দিওক বা দিয়ােক বা দিয়ক (let him give); শােক বা শােক (let him sleep); ইত্যাদি। | প্ৰথম আৰু দ্বিতীয় পুৰুষ বহুবচনত বিভক্তিৰ পাচত বিকল্পে ‘ক’-প্রত্যয় যােগ হয়। যেনে, খাওঁহঁক (we eat)। ০