পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চব্বিশ আধ্যা ধাতুৰূপৰ সংক্ষিপ্ত নিয়ম (Brief rules of conjugation)। ৩৯২। সন্ধি আৰু স্বৰ-বিকৃতিৰ নিয়মৰ লগত ধাতু-ৰূপৰে নিয়ম পােৱা যাব। ইয়াত আভাস মাথােন দিলাে। (ক) আ-প্রত্যয়ান্ত কৃদন্ত বিশেষণত অকাৰান্ত আৰু আকাৰান্ত ধাতু বিকল্পে ওকাৰান্ত হয়। যেনে, হােৱা বা হৱা ( existed, been ); লােৱা, লৱা (taken ); খােৱা বা খাৱা (eaten ); চোৱা বা চাৱা (seen); ইত্যাদি। (খ) অকাৰান্ত আৰু আকাৰান্ত ধাতুৰ পাচত ‘অদ্যতনী’ৰ ইলাে, ইলি, ইলা, ইলে আৰু ভবিষ্যতৰ ইম, ইবি ইবা, ইব বিভক্তিৰ ‘ই’ লােপ হয়। যেনে, হলাে, থলে, খালাে, যাম, ইত্যাদি। ক্রিয়ার্থ ক্রিয়া ‘ইব’ আৰু নিত্যকৃৎ (past perfect ) ইল’ৰৰ ই লােপ হয়। যেনে, হব (to be), হ’ল (become, been) | (গ) ইকাৰান্ত দি আৰু নি ধাতু নির্দেশক আৰু অনুজ্ঞাৰ বর্তমান কালত (present indicative and imperative ত) বিকল্পে একান্ত হয়। যেনে, নিওঁ, নেও (I take); নি, নে (thou takest); নিয়ে, নেই ( he takes ); নিয়ক, নেক (let him take)। পু. অসমীয়াত সাধাৰণতঃ একাৰান্ত হয়। | (ঘ) ইকাৰান্ত আৰু ঈকাৰান্ত ধাধুৰ পাচত বিভক্তিৰ ই লােপ হয়। যেনে, পিলাে (I have drunk); দিছা (you gave); নিম্ (I shall take); ইত্যাদি। (ঙ) ই, ম, ব বা ল পাছত থাকিলে ওকাৰান্ত ধাতু উকাৰান্ত হয়। যেনে, শুইছে ( he is sleeping); শুম (I shall sleep); শুব (he will sleep); শুলে ( he has slept); ইত্যাদি। (চ) অ, আ, এ অন্তত থকা ধাতুৰ পাচত আৰু দি আৰু নি ধাতুৰ পাচত