বাচ্য (গ) অসমীয়া কর্মবাচ্যৰ এই প্রকৃতি বড়াে ভাষাতত দেখা যায়। কছাৰী ভাষাত প্রধান ধাতুটোৰ নিত্যকৃৎ (past participle)ৰ পাচত সহায়কাৰী হ' (কছাৰী—জাঅনু=to be, to become) ধাতু যােগ কৰি আৰু এই সহায়কাৰী ধাতুৰ ৰূপ কৰি কর্মবাচ্য সিদ্ধ কৰা হয়। যেনে, কছাৰী মুন’-ধাতু (to see); তাৰ নিত্য কৃৎ নেই’ (seen)। কছাৰী আং মুনই জাঅইঅ=অস, মই দেখা যাওঁ (I am seen ); আং মুনই জাঅবাই=অস, মই দেখা গলল (I have been seen); আং মুনই জাঅগ= অস, মই দেখা যাম (I shall be seen)। চুটিয়া ভাষাতত তেনে। চুটিয়া ভাষাত নিত্যকৃৎ কর্তৃ আৰু কৰ্ম উভয় বাচ্যতে ব্যৱহৃত হয় আৰু আচল ধাতুৰ নিত্যকৃতৰ পাচত সহায়কাৰী ‘হ’ ধাতু (চুটিয়া ‘চা’=to be) যােগ কৰি কর্মবাচ্য সিদ্ধ কৰা হয়। যেনে চুটিয়া—‘লৰে বা লৰি’ (to give) ধাতু ; তাৰ নিত্যকৃৎ লৰিবা’ (given):- চুটিয়া, ৰাজা লা আটিগাে জানা লৰেম।—কর্তৃবাচ্য। অস, ৰজাই। | এই গাঁও। আমাক দিছে। Eng. The king this village us gave. চুটিয়া, জায়গা দিহা লা আটিগাে জানা লৰিবা চাৰােম।, | কর্মবাচ্য। অস, ৰজাৰ দিনত এই গাঁও আমাক দিয়া হৈছে। Eng. In Rajah's days this village us given was. এতেকে বডডা ভাষাৰ পৰা কর্মবাচ্যৰ এই প্রকৃতি অসমীয়াত সােমাইছে বুলি ভাবিব পাৰি। কেৱল এটা আসেঁৱাহ এই যে এই প্রকৃতি হিন্দী, বঙ্গালী আদি প্রাকৃতিক ভাষাতত আছে। কিন্তু বড়াে ভাষাৰ প্ৰভূত্ব একেবাৰে অস্বীকাৰ কৰিব নােৱাৰি।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৫
অৱয়ব