পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কর্মবাচ্যৰ এই আকৃতিৰ চলতি নাই, কর্তা সদাই উহ্য থাকে। এনে বাক্য কর্মবাচ্যত কর্তাটো উহ নাথাকিলে ক্ষতি-কট হয়। কুলিৰ দ্বাৰা ঘৰ বন্ধা হল—এনে বাক্যত কর্মত বাস্তৱিকে দ্বিতীয়া বিভক্তি। (ঘ) অসমীয়া কর্মবাচ্যত অসম্মতি-সূচক বাক্যত অব্যয় ‘ন’ কর্ম আৰু ক্ৰিয়াৰ মাজত বহি তাক শ্রুতিমধুৰ কৰে। তেনেস্থলত ক্রিয়াপদটি কেতিয়াবা ইকাৰান্ত হয়। যেনে, একোকে বা একোই শুনা নাযায় বা মুনি ( Nothing is heard); তাক মতা নহল ( He has not been called ); মােক পােৱা নগৈছিল (I had not bcen found); ইত্যাদি। (ঙ) পুৰণি অসমীয়াত আৰু বর্তমানতে তৎসম ধাতুৰ প্ৰয়ােগ থাকিলে সংস্কৃতৰ নিয়মে কর্মবাচ্য সিদ্ধ কৰা হয়। যেনে, চৰাচৰ মায়ায় কল্পিত।মা. দে, নানা ৰঙ্গে বিৰচিত চৌপন্থা পদুলি।—মা. দে, হত ভৈল সামৰাজে।—শঙ্কৰ যােগমায়ায়ে আবৃত হয়াছে।ভট্ট. দে, সর্বানন্দ দ্বাৰা ভণিত পুথি। জড় চৈতন্য পৃথকত্ব সাধিত হল।-বাহী জড় পদাৰ্থৰ দ্বাৰাই জড়িত থাকি.•••••জীৱাত্মাই তৃতীয় খাপৰ কাৰণ শৰীৰ ধাৰণ কৰে।-বাহী। ইয়াৰ বাহিৰে ণিজন্ত বা পাচনী-ক্রিয়া যুক্ত বাক্যকে কর্মবাচ্যৰ বাক্য বুলি ধৰিব লাগে, কিয়নাে তাত কর্তা প্রায়ে উহ্য থাকে আৰু তৃতীয়া বিভক্তি হয়। যেনে, বিচিত্র পবিত্র স্থানে প্রতিমা থােৱাইলা। শুভ তিথি শুভক্ষণে প্রতিষ্ঠা কৰাইলা—শঙ্কৰ চৈতন্য শক্তি দ্বাৰে । ড় জগতক ৰৱন্ত কর্ম অনুৰূপে।—মা. দে, ৩৮৯। ভাববাচ্য (Intransitive voice)। | এই বাচ্যততা কর্তাটো উহ্য থাকে বা ষষ্ঠী বিভক্তি হয় আৰু আ- প্রত্যয়ান্ত কৃদন্ত বিশেণৰ পাচত হ বা যা- ধাতু সহায়কাৰী বৰূপে ব্যবহৃত হয়। কিন্তু ইয়াত কেৱল অকর্মক ধাতুৰ হে কৃদন্ত বিশেষণ ব্যৱহৃত হয় আৰু