পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাচ্য ইয়াৰ পৰা পর্বত খন দেখা যায় ( The mountain is seen from here); ঘৰ পােৰা গেল (The house has been burnt) আদি কর্মবাচ্যৰ বাক্য। বাক্যটিক শ্রুতিমধুৰ কৰিবৰ কাৰণে কর্তাটোক প্রায় সদাই উহ্য ৰখা হয় আৰু কেতিয়াবা ‘ই’ বা ‘যা ধাতুৰ পৰিবৰ্তে থাক’ বা ‘পৰ ধাতুৰৰ ব্যৱহাৰ হয়। কেতিয়াবা, বিশেষকৈ অতীত কালত, কর্তাটোক তৃতীয়া বিভক্তিত নাৰাখি ষষ্ঠী বিভক্তি ৰখা যায়। প্রাকৃত নিয়মে ($৩৮৮) এই তৃতীয়া বা ষষ্ঠী বিভক্তি একে। যেনে ৰামৰ দ্বাৰা বা ৰামৰ ভাত খােৱা হল ( Rice by or of, Ram has been eaten)। কেতিয়াবা কর্তাটোত ৭মী হয়। | (গ) কেতিয়াবা সংস্কৃতৰ নিয়মে কর্মত প্রথম বিভক্তি নহৈ দ্বিতীয়া বিভক্তি হয়। তেনে স্থলত ক্রিয়াপদটিৰ ৰূপ ভাববাচ্যৰ নিচিনা হয় অর্থাৎ কৰ্মৰ যি কি পুৰুষ আৰু বচন নহওক ক্রিয়াপদটি সদাই তৃতীয় পুৰুষ এক বা বহুবচনৰ হয়। কিন্তু বাক্যটি ভাববাচ্যৰ নহৈ কর্মবাচ্যৰ হে হয়, কিয়নাে ক্রিয়াপদটি সকর্মক আৰু তাত কর্ম বর্তমান থাকে। যেনে, | সি তােমাক মাতিলে ( He has called you) কর্তৃবাচ্য। তাৰ দ্বাৰা তােমাক মতা হল (You have becn called by him)। কর্মবাচ্য (ভাববাচ্যৰ ৰূপ)। তাৰ দ্বাৰা তুমি মতা গলা বা পৰিলা (You have been called by | him)-কর্মবাচ্য। আকৌ, তুমি মােক বিচিছা (You fanned me) কর্তৃবাচ্য। তােমাৰ দ্বাৰা মই বিচা গৈছে বা পৰিছাে-কর্মবাচ্য। তােমাৰ দ্বাৰা মােক বিচা হৈছে বা গৈছে বা পৰিছে (I was fanned | by you) কর্মবাচ্য (ভা. বা. ৰূপ)। আকৌ, ৰামে মােক ধৰিলে ( Ram has caught me)—কতৃবাচ্য। ৰামৰ দ্বাৰা মই ধৰা গলাে বা পৰিলো বা ৰামৰ হাতত মই ধৰা পৰিলো। কর্মবাচ্য। 29 ৰামৰ দ্বাৰা মােক ধৰা গল বা হল বা পৰিল (I have been caught | by Ram-কর্মবাচ্য (ভা, বাচ্যৰ ৰূপ)।