পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাচ্য সহায়কাৰী ধাতু সদাই তৃতীয় পুৰুষ এক বা বহুবচনৰ হয়। বাক্যটিত কেৱল ক্ৰিয়াৰ ভাব প্রকাশ পায়। যেনে, সেই বাটে যােৱা হব (lit. Travelling along that path will be done); ৰামৰ শােৱা হল (Ram's sleeping has been eompleted ); ইত্যাদি। কর্তৃবাচ্যলৈ পৰিবৰ্তন কৰিলে এনে বাক্যৰ মই) সেই বাটে যাম (I shall travel along that road ), ৰামে শুলে (Ram has slept)-এনে ৰূপ হব। ভাব আৰু কর্মবাচ্যৰ ৰূপ একে; কেৱল ভাববাচ্যত কর্ম নাথাকে। ৩৯০। কর্মকর্তৃবাচ্য (Passive-active or impersonal voice) - কর্তাৰ সহায় নােহােৱাকৈ কর্ম নিজে নিজে সিদ্ধ হােৱা বুজালে ক্ৰিয়াৰ কর্মকর্তৃবাচ্য হয়। এই বাচ্যত কর্তা নাথাকে, কর্মটোৱে কর্তা স্বৰূপে ব্যৱহৃত হয়। যেনে, ৰ’দ দিছে (lit. giving sunshine; the sun is shining); বর্ষণ দিছে (lit. giving rain; it is raining); জাৰ লাগিছে (lit. catching cold; I am feeling cold ); মােক ভাত লাগে (boiled rice is wanted for me); মােৰ ভােক লাগিছে (lit. my hunger is catching; I am hungry or I am feeling hungry); ঘড়িটো টং টং কৈ বাজি উঠিল (lit. the clock has sounded tong! tong; the clock has struck)। এইটি ব্যক্তি- বিহীন বাচ্য ( Impersonal voice)। ইয়াত প্ৰকৃতিৰ নিয়ম অনুসাৰে ক্রিয়া আপােনা-আপুনি নিষ্পন্ন হয়। এই বাচ্যত ক্ৰিয়াৰ ৰূপ ভাববাচ্যৰ দৰে অর্থাৎ ক্রিয়াপদটি সদাই তৃতীয় পুৰুষৰ হয়। ৩৯১। মুল (Derivation): (ক) অসমীয়া কর্তৃ, ভাব আৰু কৰ্ম-কর্তৃবাচ্যৰ মূল সংস্কৃত কর্তৃ, ভাব আৰু কৰ্ম-কর্তৃবাচ্য ; কেৱল অসমীয়া ভাৱবাচ্যত কর্তা-কাৰকত সংস্কৃতৰ নিয়মে তৃতীয়া বিভক্তি নহৈ ষষ্ঠ বিভক্তি হয়। যেনে, সময়া স্থীয়তে। অ-মােৰ থকা হয়। Eng,stayed by me. সংস্কৃত ভাববাচ্যৰ বাক্য, যেনে-জলেন বর্ধতে (increased by water) আদিৰ অনুৰূপ ভাববাচ্যৰ বাক্য অসমীয়াত নাই। তেনে