পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব কৰিব খােজ নিয়মে সকলাে বিভক্তি লােপ কৰি কেৱল তির্যক আকৃতি ৰাখিছিল (২৩)। আকৌ প্ৰাকৃতৰ তলত দিয়া উদাহৰণৰ পৰা, অর্থাৎ (১) স. নেন লব্ধ =প্রা. ধনসস লগে; (২) স, চিৰেণ মুক্ত=প্রা. চিৰসস মূ; (৩) স, তৈৰ, এতদ অনাচৰিত=প্রা. তেসিম্ এঅং অণাইং। | (হেমচ, ৩১৩৪ ); আদিৰ পৰা জানা যায় যে প্রাকৃতত ষষ্ঠী আৰু তৃতীয়া বিভক্তিৰ আকৃতি একে। এতেকে তির্যক আকৃতিৰ সাধাৰণ চিন ‘এ’ আৰু তৃতীয়া ৱিভক্তি ‘এ’ একে। তাৰ পৰা সহজে অনুমান কৰিব পাৰি যে—“ৰামে ভাত খালে”—এই বাক্যত ৰামে’ৰ তির্যক আকৃতি ‘এ’ তৃতীয়া বিভক্তি ভিন্ন আন একো নহয়। এতেকে “ৰামে ভাত খালে”—এই বাক্য কর্মবাচ্যৰ। কিন্তু এনে বাক্যক আমি সদাই কর্তৃবাচ্যৰ বুলি ভাবাে আৰু তেনে ব্যৱহাৰ কৰে। (খ) চলিত কর্মবাচ্য (Current passive voice): এতিয়া এইদৰে কর্মবাচ্যৰ বাক্যক কর্তৃবাচ্যৰ দৰে ব্যৱহাৰ কৰোঁতে কৰোতে শেষত এনে হল যে কর্মবাচ্যৰ ভাব-প্রকাশৰ নিমিত্তে আন উপায় বিচাৰিব লগা হল। এই উপায় হৈছে কর্তাটোক উহ্য ৰখা আৰু আ-প্রত্যয়ান্ত কৃদন্ত বিশেষণত (past participle ত) ক্রিয়াপদটি ৰাখি তাৰ পিচত সাধাৰণত হ' বা যা’ সহায়কাৰী ধাতু যােগ কৰা। সহায়কাৰী ধাতুটিক ওপৰৰ নিয়মে কৰ্মৰ যি পুৰুষ আৰু বচন সেই পুৰুষ আৰু বচনত ৰাখিব লাগে। যেনে, এই কাম কৰা যাব (This work will be done)। এই বাক্যত কর্তাটো উহ আছে, কৰা ক্রিয়াপদটি কৃদন্ত বিশেষণ আৰু বাক্যটি কর্মবাচ্যৰ। কর্তাটোক ভুক্ত কৰিব লাগিলে আগেয়ে, তৃতীয়া বিভক্তিত থকা কর্তাটোকে আকৌ তৃতীয়া বিভক্তিত থব লাগে। যেনে, ৰামৰ দ্বাৰা বা মেদি এই কাম কৰা যাব (This work will be done by Ram)। কর্তৃবাচ্যলৈ নিলে বাক্যটি এনে হব-বামে এই কাম কৰিব। আন উদাহৰণ ; যেনে, মই চেপা গলাে (I have been pressed); বা দুৱাৰত (বা দুৱাৰৰ দ্বাৰা) মই চেপা গলদা) (I have been pressed by the door) কর্মবাচ্য। (দুৱাৰে) মােক চেপিলে (The door has pressed me)-কর্তৃবাচ্য।