বাচ্য passive) আকৃতিত ৰা হৈছিল। অসমীয়া আৰু আন কিছুমান প্রাকৃতিক ভাষাত কর্তাত তৃতীয়া বিভক্তি যােগ কৰি ক্ৰিয়াটোক পৰিবর্তিত (inflected) আকাৰত বা কর্মবাচ্যত থােৱা হয়। যেনে, স, তে এত ন আচেকঃ (active), বা, | তৈৰ, এত ন আচৰিতম্ বা অনাচীর্ণ (passive)। = প্রা. তেসিং এঅং অণাইং। অ. সিহঁতে ইয়াক নাখালে। = Eng.They have not devoured that. প্রাকৃতৰ এইদৰে past participle passive প্রয়ােগ কৰি কর্তৃবাচ্যৰ ভূতকাল নির্দেশ কৰা নিয়ম পশ্চিমাঞ্চলৰ হিন্দী আৰু অসমীয়াত ৰক্ষিত হৈছে। যেনে, প, হিন্দী—তব তত সৱ বেটা নে মিলকে উকো বেচা থা। অ.তেতিয়া সকলাে বেটাএ (বেটাই) মিলি তাক বেচিলে। Eng.Then all the sons having joined sold it. পূর্বহিন্দী—তব তত সৱ, বেটা মিলকে ওকে বেচলৈ। বাঙ্গালী—তখন সব বেটা মিলিয়া ওকে বেচিল। ইয়াৰ পৰা দেখা যায় যে পশ্চিমা হিন্দী আৰু অসমীয়াত কর্তৃবাচ্যৰ বাক্য কর্মবাচ্যৰ আকৃতিত ৰখা হয়। পূবহিন্দী আৰু বঙ্গালীত তেনে নহয়। অসমীয়া বাক্য, যেনে, “ৰামে ভাত খালে”, সেইদৰে বাস্তৱিক কর্মবাচ্যৰ। কিন্তু “ৰাম ভাত খাল” এনে হলে ই কর্তৃবাচ্যৰ বাক্য হব। সেইদৰে “ৰাম বহিল” (Ram has sat), “হৰি পৰিল” (Hari has fallen down) আদি কর্তৃবাচ্যৰ বাক্য। ৰামে ভাত খালে—এই বাক্যত ‘ৰামে’ বাস্তৱিকে তৃতীয়া বা ষষ্ঠীৰ ৰূপ, আৰু ‘খালে’ ক্ৰিয়াৰ ভাতৰ লগত অন্বয় আৰু তাৰ ৰূপ পৰিবৰ্তিত (inflected)। ই কর্মবাচ্য। এতেকে জানা যায় যে অসমীয়াত কর্তৃবাচ্যৰ ভাব কর্মবাচ্যৰ বাক্যেদি প্ৰকাশ কৰা হয়। এতিয়া আমি জানাে যে শেষ প্রাকৃতত একাকাৰ ১। হেমচ, আ১৩৪ Hornle, Comp. Grammar, P. 217. ০১
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৯
অৱয়ব