৩২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব দুইছে (Ram touched you); ইত্যাদি। কর্তৃবাচ্যত ক্রিয়াৰ লগত কৰ্মৰ মুখ্য সম্বন্ধ নাথাকে। সকর্মক আৰু অকর্মক উভয় ক্ৰিয়াৰে কর্তৃবাচ্য হব পাৰে। কিন্তু কেৱল সকর্মক ক্রিয়াৰ হে কর্মবাচ্য আৰু কেৱল অকর্মক ক্ৰিয়াৰ হে ভাববাচ্য হব পাৰে। যেনে, মই শুলল, ইয়াত শাে ধাতু অকর্মক। তাক কোনাে মতে কর্মবাচ্যলৈ নিব নােৱাৰি। তাৰ বাচ্য পৰিবর্তন কৰিলে সি ভাববাচ্যৰ বাক্য হব। যেনে, মােৰ শােৱা হল। সেইদৰে, তুমি মােক দেখিলা; ইয়াত দেখ, (to see) ধাতু সকর্মক। সেই দেখি বাক্যটোক ভাববাচ্যলৈ নিব নােৱাৰি। তাৰ বাচ্য পৰিবৰ্তন কৰিলে সি কর্মবাচ্যৰ বাক্য হব। যেনে, মই দেখা গলাে বা তােমাৰ দ্বাৰা মই দেখা গলাে। কেতিয়াবা এই নিয়মৰ ব্যতিক্রম হয় ( ৩৮৮)। ৩৮৮। কর্মবাচ্য (Passive voice) (ক) অসমীয়া কর্মবাচ্য বৰ অসম্পূর্ণ। কোনাে কোনােৱে ইয়াৰ অস্তিত্বকে স্বীকাৰ নকৰে। কিন্তু কর্মণি প্রয়ােগ অসমীয়াত আদিৰে পৰা আছে। অৱশ্যে এই প্রয়ােগ সম্পূর্ণ সংস্কৃতৰ অনুৰূপ নহয়। তলৰ কথাৰ পৰা তাক বুজিব পৰা যাব। “বামে ভাত খালে” (Ram has taken rice) আৰু “ৰাম গছত উঠিল” (Ram has climbed up the tree)—এই দুই বাক্যত কর্তা আৰু ক্রিয়াপদৰ আকৃতি একে নহয়। বর্তমান আৰু ভবিষ্যৎ কালত এনে পার্থক্য ধৰা কঠিন। কিন্তু ভূতকালত এনে পার্থক্য স্পষ্ট দেখা যায়। ইয়াৰ কাৰণ কি? কাৰণ বুজিবলৈ হলে প্রাকৃত ৰূপলৈ চাব লাগিব। সংস্কৃত কর্তৃবাচ্যত অতীত কালৰ ক্ৰিয়াৰ ৰূপ বৰ জটিল। সংস্কৃত অতীত কালৰ ২৩ আকৃতি আছে। কিন্তু প্রাকৃতত সিবিলাকৰ ঠাইত কেৱল এটা আকৃতি হে চলিছিল। যেনে, প্রা, হুৱীঅ (was); স. অভূত, অভৱৎ, বভুৱ; প্রাঃ গেণহীঅ (received )=স, অগ্রহীৎ, অগ্ন্যুৎ, জগ্রাহ; প্রা. কাসী কাহী বা কাহীঅ (did)=স, অকার্ষীৎ, অকৰােৎ বা চকাৰ; ইত্যাদি ( হেমচ, ৩১৬২, ১৬৩)। প্রাকৃতত এনে ৰূপাে বিৰল। সংস্কৃত এই জটিলতা গুচাবৰ নিমিত্তে প্রাকৃত বাক্যটে। সচৰাচৰ কর্মবাচ্যত ৰখা হৈছিল অর্থাৎ কর্তাত তৃতীয়া বিভক্তিৰ প্ৰয়ােগ আৰু কর্তৃবাচ্যৰ ভূতকালৰ ক্ৰিয়াটো কর্মবাচ্যৰ ভূতকালৰ নিত্যকৃৎ (past participle
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৮
অৱয়ব