পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেইশ আধ্যা ৰাচ্য (Voice) ৩৮৬। বাচ্য (Voice): ক্ৰিয়াৰ বাচ্য সাধাৰণত তিনিটা,কর্তৃবাচ্য (active voice), কর্মবাচ্য (passive voice) আৰু ভাববাচ্য (intransitive voice)। ক্রিয়া পদে কর্তাক বুজালে কর্তৃবাচ্য, কর্মক বুজালে কর্মবাচ্য আৰু ধাতুৰ অৰ্থক মাত্র বুজালে ভাৱবাচ্য হয়। কর্তৃবাচ্যত ক্রিয়াপদটি কর্তাৰ অনুযায়ী হয় অর্থাৎ কর্তাৰ যি পূৰুষ আৰু বচন ক্রিয়াৰৰ সেই পুৰুষ আৰু বচন হয়। কর্মবাচ্যত ক্রিয়াপদটি কর্মৰ অনুযায়ী হয় আৰু ভাববাচ্যত ক্রিয়াপদটি সদাই তৃতীয় পুৰুষ এক বা বহুবচনৰ হয়। যেনে, তুমি মােক দেখিলা (You have seen me)কর্তৃবাচ্য। মই শুলল (I have slept) কর্তৃবাচ্য। এই উভয় বাক্যত কর্তাৰ যি পুৰুষ আৰু বচন ক্রিয়াৰৰ সেই পুরুষ আৰু বচন। সেই একে অৰ্থত বাক্য দুটিক পৰিবৰ্তিত কৰি আন ৰকমে ৰাখিব পাৰি। যেনে, তােমাৰ দ্বাৰা মই দেখা গলল (I have been seen by you) কর্মবাচ্য। মােৰ শােৱা হল (My sleeping has been done) ভাববাচ্য। প্রথম বাক্যত কৰ্মৰ (মই) প্রথম পুরুষ একবচন, ক্ৰিয়াৰৰ (গলাে’ৰৰ) সেই প্রথম পুৰুষ একবচন। দ্বিতীয় বাক্যত হল ক্রিয়া পদটি তৃতীয় পুৰুষ একবচনৰ। ইয়াৰ বাহিৰে কৰ্ম-কর্তৃবাচ্য (impersonal voice) বুলি আৰু এটি আছে। তাৰ কথা পিছত কোৱা যাব ($৩৯০১)। ৩৮৭। কর্তৃবাচ্য (Active voice) কর্তৃবাচ্যত কর্তাকাৰকত প্রথমা বিভক্তি আৰু কৰ্ম থাকিলে তাত দ্বিতীয়া বিভক্তি হয়। যেনে, লবিলাক যায় (The boys go); তুমি যােৱা (You go); মই যাওঁ (I go); লৰাটোৱে ভাত খায় ( The boy eats rice); তুমি তাক মাতিলা (You have called him); বামে তােক