পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৮ অসমীয়া ব্যাকৰণ আৰু ভাৰাতত্ব black bee, অপত্ৰ ভাৱৰু ভমক; স. যথা in the manner stated, অপ. জিৱ, জিম, জে, জেম; স, তথা in that manner, অপ, তিৱ, তিম, তেঁ, তেম (হেমচ, ৪৩৯৭,৪০১)। অসমীয়া আৰু হিন্দীতে

  • কেতিয়াবা তেনে হয়। যেনে, স. পৃথিৱী earth, হি. পিৰথমী, অ.

পিথিমী। এতেকে এই অদল-বদলৰ ফল স্বৰূপে ইব, বিভক্তি ইম্ হােৱা অসম্ভৱ নহয়। কিন্তু প্রাকৃতত ব’ৰ ঠাইত ‘ম’ কদাচিত হে হয় ; অপভ্রংশতাে তেনে। অসমীয়া, হিন্দী আদি প্রাকৃতিক ভাষাতত মৰ ঠাইত সচৰাচৰ ব’ বা ‘ব’ হয়; কিন্তু ব’ বা ‘ব’ৰ ঠাইত ‘ম’ কদাচিত হে হয়। এতেকে ইব’ বা ‘অব’ৰ পৰা ইম্ বা অম্ আহিছে বুলি ধৰাটো যুক্তিযুক্ত নহয়। পক্ষান্তৰে ম-যুক্ত ভবিষ্যতৰ বিভক্তি সংস্কৃত লটু ‘স্যামি’ স্যাম’ৰ পৰা ওলাইছে বুলি সহজে ধৰিব পাৰি। প্ৰাকৃতত ভবিষ্যৎ অর্থত ‘মিমােনুমে’ৰ আগত সস আৰু হা হয় (হেমচ : ৩১৬৭)। যেনে, স. ভৱিষ্যামি (I shall be ,ভৱিষ্যাম (we shall be ), প্রা. হােস্সামি, হােহামি; হােস্যামমা, হােহামাে, হােহাম ; পক্ষে হােহিমি, হােহিমাে, হােহিমু, হােহিম। আৰু ধাতুৰ পাচত ভবিষ্যৎ কালত ‘মি’ আদেশৰ ঠাইত ‘সস’ও প্রয়ােগ হয় (হেমচ ৩১৬৯); যেনে, স. ভৱিষ্যামি (I shall be ), হস্যিামি (I shall laugh), কীৰ্ত্তয়্যিামি (I shall sing) =প্রা. হােসস, হসিস, কিত্তাইস। পক্ষে হােহিমি, হােসসামি, হােহামি, কিত্তাইহিমি, ইত্যাদি। অপভ্রংশত ভবিষ্যৎ কালৰ ‘স্য’ৰ ঠাইত স হয় (হেমচ, ৪৩৮৮)। যেনে, স, ভৱিষ্যতি ( He will be)= অপভ্র. হােসই ; স. ভৱিষ্যামি (I shall be)=অপভ্র, হােস। এই ‘সসম’ বা ‘সম্’ৰ স ব স লােপ হলে অসমীয়াত ‘অম্ হয়। আৰু ‘ইমাে, ইমু, ইমি, ইম’ৰ পৰা অসমীয়া ইম’ হৈছে। ১। “মিমােমূমে সস হা ন ”।, হেমচ ৩১৬৭ ২। “মেহ সস।, হেমচ, ৩১৬৯। ৩। “বত, গতি স”।, হেমচ. ৪৩৮৮