পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৭ বিলাউ প্রসাদ ভয় নকৰিবি মনে।—দৈত্যাৰি দিবা উগ্রসেনক কংসৰ ৰাজ্যভাৰ।—শঙ্কৰ ৰাজাক লাগিয়া ভয় নকৰিবা কিছু। ৰাজাই অন্যায় কৰে তাক লাগি আছে।—দৈত্যাৰি বুলিবাহা ৰামক আনিবে প্রতি যাওঁ।—মা. ক. মই ৰাজা হওঁ ৰাম যাইব বনবাস।—মা. ক. ৰাজ্যৰ বহিবে ভৰত অনুবলে।—মা. ক. তাৰু কি কৰিব ইসব দোষে।-শঙ্কৰ অগনি শিখাত কোনে যাস কৰিবেক। মােক তাে নানাে এক বীৰে মাৰিবেক ॥—মা. ক. ৰামে তােক মাৰিবন্ত। মােৰ মান সাধিবন্ত।মা. ক. ৩৮৫। মুল (Derivation): এই কাল সংস্কৃত টৰ অনুৰূপ হলেও ইয়াৰ বিভক্তিৰ মূল সম্পূর্ণ লকাৰৰ বিভক্তি নহয়। কেৱল অসমীয়া প্ৰথম পুৰুষৰ বিভক্তি ‘ই’ হে সংস্কৃত লট স্যামি বিভক্তিৰ পৰা আহিছে। সংস্কৃত স্যসি, স্যতি আদিৰ পৰা অসমীয়া কোনাে বিভক্তি ওলােৱা নাই। অসমীয়া ইম ভিন্ন আন সকলাে বিভক্তিৰ মূল সংস্কৃত কৃৎ প্রত্যয় ‘তব্য। প্রাকৃত নিয়মে ইয়াৰ আগত ই যােগ কৰিলে এই প্রত্যয় ইত’ হয় (4$৩৫৫াঙ)। প্রাকৃতত এই প্রত্যয় এঅং বা ইঅং আৰু অপভ্রংশত এধ্বং, এবং বা ইব্বং হয় (হেমচ, ৩১৫৭; ৪৪৩৮)। তাৰ পিছত এই প্রত্যয় পূর্ব হিন্দীত ইব, বা অব, আৰু অসমীয়াত ইব, হল। যেনে, পঢ়িব (he will read ), প্রা. পঢ়িঅব্ব =স. পঠিতব্য (fit to be read : future passive participle)। এতিয়া আমি জানাে প্রাকৃতত ব আৰু ম কেতিয়াবা অদল-বদল হৈছিল। যেনে, স, মন্মথঃ, Cupid প্রা. বম্মহাে (কাত্যায়ন ২৩৬); স. কুমাৰ prince, প্রা. কুৱক, কুমক, অ, কেঁৱৰ, কোঞৰ। অপভ্রংশতাে কেতিয়াবা তেনে হয়। যেনে, স, কমল lotus, অপভ্র, কঁৱলু, কমলু; ভ্ৰমৰঃ large ১। cf. “তদা মত্ৰ পঢ়মং সন্তগিদৰং” (মৃচ্ছক. act VI)তদা ময়া প্রথম সপ্ত।