পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ৩৮৩। মুল (Derivation): ‘ইব’ বা ‘অব’ৰ মূল তলত দেখা ($৩৮৫)। হবলা=হব+লা। লা প্রত্যয় আর্থিক বুলি মনে ধৰে। নহলে হবলা=হব+ লাগে (probably it is )। লাগে’ৰ ‘গে’ লােপ। ৩৮৪। ভবিষ্যৎ কাল ( Future tense) যি কাল আগলৈ হব তাৰ নাম ভবিষ্যৎ কাল। সংস্কৃতত লই, লুটু আৰু আশীলিঙ, সকাৰে ভবিষ্যৎ কাল নির্দেশ কৰে। কিন্তু অসমীয়াত কেৱল এটা ৰূপে হে এই কাল নির্দেশ কৰে আৰু এই ৰূপ সংস্কৃত ট (বা simple future) লকাৰৰ অনুৰূপ। ধাতুৰ পাচত অব, বা ইব, প্রত্যয় যােগ কৰি তাত নির্দেশক উপায়ৰ বর্তমান কালৰ (of indicative mood present tense) বিভক্তি যােগ কৰিলে ভবিষ্যৎ কালৰ ৰূপ হয়। কেৱল প্রথম পুৰুষত এই নিয়ম নাখাটে। যেনে, মই পঢ়িম (I shall read ), তই পঢ়িবি (Thou wilt read) আৰু সি পঢ়িব ( He will read )। তলত ভবিষ্যৎ কালৰ বিভক্তি দিলাে। নির্দেশক উপায় বর্তমান কালৰ বিভক্তি অদ্যতনী কালত যেনেকৈ যােগ হয় (১৩৭৩) ঠিক তেনেকৈ এই কালত যােগ হয়। পুৰুষ অসমীয়া পু. অসমীয়া পূর্ব হিন্দী বঙ্গালী উড়িয়া ১। ইম ই, ইবাে, অর্বে, ইবো ইব ইবি, ইমি ইবােহাে ২। ইবি, ইবা ইবি, ইবা, অবৈস, ইবৈস ইবি ইবু ইবাহা। ইব, ইবে, | ইলেক, ইব। উদাহৰণ : পু, অ- আৰাক বধি মই পাপক পাইম।—ভট্ট. দে, আৰাক মাৰি আমৰা জীবাক ইচ্ছা নকৰিম।ভট্ট. দে, তােমাৰ মনুষ্যলীলা দেখিবাে হৰিষি।—শৱৰ ধনু তুলি ধৰিবােহে। পৃথিবী ফুড়িবােহে ॥—মা. ক,