কাল তােমাৰ মায়ায় হৰি কপট গুণক ধৰি মােহিয়াছে আমাক সমূলি।—মা. দে, দেখিল গৈয়া হইতে আসিয়া আছ। সাদৰ পূৱক আতি মাতি আনিলন্ত ॥—দৈত্যাৰি এইদৰে কৃদন্ত বিশেষণ (perfect participle) বা নিত্যকৃতৰ ( $৩৫৬) প্রত্যয় ই বা ইয়া যােগ হােৱাৰ পিছুত সহায়কাৰী ধ্যতু ‘আছ’ (স. অস to be) যােগ কৰিলে ইআছ’ বা ‘ইয়াআছ আৰু আছ’ৰ আলােপ হলে ‘ইছ’, ‘ইয়াছ’ (বা ইআছ) বিভক্তি পােৱা যায়। তাৰ পাছত নির্দেশক বর্তমানৰ বিভক্তি ও, অ বা আ, এ আদি যােগ কৰিলে ইছো. ইছ বা ইছা, ইছে আদি বিভক্তি পােৱা যায়। | সহায়কাৰী ধাতু ‘আছ যােগ হােৱাৰ কাৰণে এই কাল বাস্তৱিকে যৌগিক (periphrastic)। ৩৭৬। অনদ্যতনী আৰু স্বৰূপবর্তমান ( Imperfect tense and present imperfect participle) অনদ্যতনীক যদিও আমি অসম্পূর্ণ কাল ( Imperfect tense) বুলিছে তথাপি ই বাস্তৱিকে মূলত বর্তমান নিত্যকৃৎ (present perfect participle) ভিন্ন আন একো নহয় অর্থাৎ নিত্যকৃৎ বা অদ্যতনী আৰু অসম্পূর্ণ ভূত বা অনদ্যতনী উভয়ে মূলত একে, কেৱল অদ্যতনী কাল অনঙ্গতনীত কৈ পিছ; কিন্তু তেনে হলেও কিমান পিছৰ তাৰ স্থিৰতা নাই। উভয়ৰ মূল একে অর্থাৎ সংস্কৃত ‘ক্ত প্রত্যয় ($৪ ৩৭৩৩৭৫) বা অদ্যতনীৰ ইলাে, ইলি, ইলে আৰু অনঙ্গতনীৰ ইছছ, ইছ, ইছে বিভক্তিৰ মূল একে। কিন্তু অদ্যতনী আৰু স্বৰূপ বৰ্তমানৰ কথা তেনে নহয়। এই দুই কালৰ আকৃতি একে হলেও সিহঁতৰ মূল পৃথক পৃথক। আমি ওপৰত ($৩৭৫) পাইছছ যে অনঢ়তনীৰ বিভক্তিৰ মূল সংস্কৃত ‘ক্ত প্রত্যয়ৰ পৰা ওলােৱা ‘ই’ আৰু তাৰ পাচত যােগ হােৱা ‘আছ’—নির্দেশক বৰ্তমানৰ বিভক্তি (ওঁ, অ, এ)=ইছে, ইছ, ইছে। যেনে, মই পঢ়িছে I read, তই পঢ়িছ thou readest আৰু সি পঢ়িছে he read। কিন্তু বর্তমান অপূর্ণকৃৎ (present imperfect participle)-ৰ বিভক্তিৰ মূল সংস্কৃত কৃপ্রত্যয় শত্ (অত, বা অন্ত,) প্রাকৃত ‘অংতাে’ অপভ্রংশ আৰু অসমীয়া
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৯
অৱয়ব