পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব যি হেতু জগতস্বামী। | তােমাৰ লগত আমি গুগৃহে কৰিছে নিবাস।--শঙ্কৰ দুর্লভ লভিছা জন্ম ভাৰত-ভূমিত।মা. দে, তুমি একেলায়ে ব্যাপিছা।ভ, দে. চৈধ্যভূবনৰ বন্যস্থান। যাকে কৃষ্ণ কৰিছা নির্মান ॥—শঙ্কৰ মােৰ অংশ অবিদ্যায়ে জীৱ হয়া সদায়ে সংসাৰী হয়াছে। | ভট্ট দে, ৰাধাই মাৰ হাতে দিয়াছে ভূষণ।মা. দে, তাক আমি স্মৃতিত শুনিছি।—ভট্ট দে.. যদ্যপি আমাক বিষ দিয়া মাৰিতে চাইছে, অগ্নিয়ে দিছে, ধনসৱস্বৈ হৰিছে, ৰাজ্যভাৰে কাঢ়ি লৈ আছে, ভার্যাকো অপকাৰ কৰিছে, অস্ত্র ধৰিও যুজিতে আসিছে, এই ছয় দোষে আসৱ আততায়ী।—ভট্ট দে. দেখিছ৷ কৃষ্ণক জানাে নিশ্চয়। কহিয়াে আমাত হুয়াে সদয় শঙ্কৰ ৩৭৫। মুল (Derivation): এই বিভক্তিৰ মূল সংস্কৃত ‘ক্ত প্রত্যয়। ধাতুত ‘ক’ প্রত্যয় যােগ হােৱাৰ পিচত ‘আছ সহায়কাৰী (auxiliary) ধাতু যােগ কৰি তাত নির্দেশক বৰ্তমানৰ (Indicative mood present tense ৰ) বিভক্তি যােগ কৰিলে এই বিভক্তি পােৱা যায়। সংস্কৃত ক্ত (বা ত) প্রত্যয় প্রাকৃতত ‘অ’ হয় আৰু তাৰ আগত ‘ই আগম হয় (হেমচ. ৩১৫৬)। বৰ ৭৩২ : $৩৫৭ (খ) দেখা)। এনেকৈ এই প্রত্যয় প্রাকৃতত ইঅ আৰু অপভ্রংশত ইঅ বা ইউ হয় (c, স, হসিতম্ laughed=অপ. হসিউ, হেমচ, ৪৩৯৬)। তাৰ পৰা প্ৰাকৃতিক ভাষাত অ' ইৎ হলে ‘ই’ আৰু তাত স্বাৰ্থিক প্রত্যয় ‘অ’ (অর্থাৎ ক) যােগ হলে ইঅঅ =ইঅ (ইয়া) হয়। বর্তমান অসমীয়াত ইয়াৰ ‘ই’ ৰক্ষিত হৈছে। পু. অসমীয়াত ই, ইআ (বা ইয়া) চলিছিল। যেনে,