৩১২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ‘ই’ ( $৩৫৭ক)। ধাতুত এইদৰে ‘ই’ যােগ হােৱাৰ পিছত অসমীয়া সহায়কাৰী ধাতু ‘আছ’ যােগ কৰি তাত বর্তমান নির্দেশক ৰূপৰ বিভক্তি ও, অ, এ যােগ কৰিলে আমি তাৰ পৰা ইছো, ইছ, ইছে বিভক্তি পাওঁ। যেনে, মই পঢ়িছো I am reading, তই পঢ়িছ thou art reading আৰু সি পঢ়িছে he is reading। বিভক্তি একে হােৱাৰ কাৰণে স্বৰূপ বর্তমান বা বর্তমান অপূর্ণকৃৎ আৰু অনদ্যতনী এই দুই কালৰ ভিতৰত আজিকালি অলপ গণ্ডগােল ঘটিছে। ৩৭৭। পৰােক্ষ বা নিত্যভুত (The perfect or past perfect or pluperfect or third preterite): | এই কাল সংস্কৃত লিটৰ অনুৰূপ। | এই কালাে সকলাে প্রাকৃতিক ভাষাতে আছে। ক্ৰিয়াৰ নিত্যকৃৎ (বা perfect participle) ৰূপত সহায়কাৰী (auxiliary) ধাতু ‘আছ বা অদ্যতনী কালৰ বিভক্তি যােগ কৰি এই কাল সিদ্ধ কৰা হয়। সহায়কাৰী ধাতু যােগ হােৱাৰ কাৰণে ইয়াকে। এটি যৌগিক কাল (periphrastic tense) বুলিব পাৰি। নির্দেশক ৰূপত (Indicative mood ত) এই কালৰ বিভক্তি তলত লিখা দৰে হয় :- পুৰুষ অসমীয়া হিন্দী বঙ্গালী উড়িয়া ১। ইছিলাে ( =ই আছিলাে) লে হলো ইআছিলাম ই থেলি ২। ইছিলি (ইআছিলি) লে হলেস ই আছিলি ইইথেলু ইছিলা (ইআছিলা ) ৩। ইছিল (ইআছিল)। লে হলে, ই আছিল ই থেলু লে হল উদাহৰণ : মই পঢ়িছিলল (I had read); তই পঢ়িছিলি (Thou hadst read); তুর্মি পঢ়িছিলা (You had read); সি পঢ়িছিল ( He had read)। পু. অজ্ঞানপ্রাপ্তিৰ পূৰ্বত তেখনে কর্ম কৰিছিল। “ভ. দে, ৩৭৮। মুল (Derivation): এই কালৰ মূল সংস্কৃত নিত্যকৃৎ (Perfect participle) ক্ত প্রত্যয়ৰ পৰা ওলােৱা ‘অ’। প্রাকৃতৰ নিয়মে তাৰ আগত আগম হােৱা ১। “ক্ত। ই-ইউ-ইৱি-অৱয়ঃ”। হেমচ, ৪৪৩৯ অপভ্রংশত কাৰ ঠাইত ই, ইউ, ইবি, অৱি প্ৰত্যয় হয়।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৪০
অৱয়ব