পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাইশ আধ্যা কাল (Tense) ৩৬৪। কাল (Tense) ক্ৰিয়াৰ কাল সাধাৰণতঃ তিনটিবর্তমান (present), ভূত .(past or preterite) আৰু ভৱিষ্যৎ (future)। এই তিনটি সাধাৰণ কাল (simple tenses)। ইয়াত বাদে আচল ক্রিয়াৰ লগত আন সহায়কাৰী (auxiliary) বা অসম্পূর্ণ (defective) ক্ৰিয়াৰ সংযােগত আন কেইটিমান কাল পােৱা যায়। ইসৱৰ নাম যৌগিক কাল (periphrastic tenses)। দিব পাৰি। ৩৬৫। বর্তমান কাল (Present tense) | চলিত সময়ৰ নাম বর্তমান কাল (Present tense)। ইয়াক দুভাগ। কৰিব পাৰি, (১) নিত্য বর্তমান ( Real present); যেনে, মই কৰে (I do)। (২) স্বৰূপ বর্তমান (Present imperfect); যেনে, মই কৰি আছছ বা কৰিছছ (I am doing)। এই কাল বাস্তৱিকে বর্তমান অপূর্ণ কৃৎ (Present imperfect participle) ভিন্ন আন একো নহয়। বর্তমান কালৰ ক্রিয়া তিনি উপায়ে (mood এ) প্ৰকাশ কৰিব পাৰি নির্দেশক, সম্ভাব্য আৰু অনুজ্ঞাৰূপে। ৩৬৬। নির্দেশক ৰূপৰ বৰ্মন (hesent Indicative) এই কালৰ নির্দেশক রূপ সম্ভাব্য ৰূপৰ অনুৰূপ। যেনে, তুমি থাকা you stay); যদি তুমি থাকা (if you stay)। নির্দেশক আৰু সাব্য বর্তমান বিভক্তি এই