পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ৩৬১। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত আনশ, ( = আন্) বা শত্ (অৎ)। এই দুই প্রত্যয়ৰ প্রত্যেকে প্রাকৃত ‘অন্ত, ‘মাণ হয়। অন্ত’ৰ পাচত আর্থিক প্রত্যয় ‘ক’ (অ) যােগ কৰিলে অন্তঅ= অন্তা হয়। এই প্রত্যয় প্রাকৃতিক ভাষাত অতা, অন্তা, অত, আদি ৰূপে ব্যৱহৃত হৈছে। অসমীয়াত আদিতে ‘অন্তা প্রত্যয় চলিছিল। বর্তমানত ‘অন্তা’ৰ অ’ৰ ঠাইত ‘এ’ হয়, কিয়নাে ই শব্দৰ মাজত পৰে (১২৫) আৰু নিৰ ঠাইত চন্দ্রবিন্দু হয় (১৬৮)। সংস্কৃত ‘চ’ প্রত্যয় ( =তা), যেনে, দাতা, পাতা, জেতা ইত্যাদি, ইয়াৰ মূল নহয়। ৩৬২। অসমাপিকা ক্রিয়া বা সংযােজক কৃৎ (Conjunctive participle) ক্ৰিয়াৰ যি ৰূপৰ পৰা কোনাে কাম শেষ হােৱা বুজা যায় সি সমাপিকা ক্রিয়া (finishing verb) আৰু যি ৰূপৰ পৰা কামৰ ওৰ নপৰে সি অসমাপিকা ক্রিয়া (Conjunctive participle)। এই শেষােক্ত ৰূপে দুটা বাক্যৰ সংযােগ কৰে। ধাতুৰ পাছত ‘ই’ প্রত্যয় যােগ কৰিলে অসমাপিকা ক্রিয়া পােৱা যায়; যেনে, পঢ়ি (reading), শুনি (hearing), কৈ, কই কে (doing)-নদী বৈ গৈ সাগৰত পৰে। পুৰণি অসমীয়াত ‘ই’, ‘ইয়া এই দুই প্রত্যয়ৰ চলতি আছিল। যেনে, “দুর্যোধন ৰাজা দ্রোণ আচাৰ্যৰ সমিপক গৈয়া বুলিবে লাগিল।”—ভট্ট দে.। “অষুনে এই বাক্য বুলি ধনুশৰ এড়ি শশাকে কম্পিত হয়া ৰথৰ উপৰত বসিলা।”—ভট্ট দেন। ইয়াৰ অৰ্থ স্পষ্ট কৰিবৰ কাৰণে কেতিয়াবা ‘পেলাই’ শব্দ যােগ কৰা হয় ; যেনে সি গৈ পেলাই সকলাে কথা কলে। ৩৬৩। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত কৃৎ প্রত্যয় । বা য। শৌসেনী আৰু মাগধী প্রাকৃতত ‘ক্তা’ৰ ঠাইত ‘ইঅ' আৰু ‘দুণ হয় । বৰুচিৰ মতে ‘ক্তা’ৰ ঠাইত ১। “শত্ৰানাশঃ”, হেমচ, ৩১৮১। শত্রানশিত্যেতয়াের প্রত্যেক স্ত মাণ ইত্যে- তাৱাদেশৌ ভৱতঃ। ২। “ক্তে। ইঅদুণৌ।”, হেমচ, ৪২৭১। ভৱিঅ, ভােEণ। হৱিঅ, হােণ।