পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১১ ক্ৰিয়াৰ ৰূপ ৩৫৯। ক্লান্ত ক্রিয়া-বিশেষণ (Adverbial participle)। খাতুত ওঁতে (অন্তে), অলে (ইলে) আৰু অব (ইব) প্রত্যয় যােগ কৰি কৃদন্ত ক্রিয়া-বিশেষণ সিদ্ধ কৰা হয়। এই তিনি প্রত্যয় তিনি কালত প্রয়ােগ হয়। যেনে, বর্তমানহওঁতেওঁতে ভূত হলে—অলে ভৱিষ্যৎহব—অব। উদাহৰণ —যেনে, সি পুথি পঢ়োতে হাঁহিলে ( He has laughed while reading book)। সি পুথি পঢ়িলে হাঁহে ( He laughs when reading book)। সি পঢ়িব যায় ( He goes to read)। বর্তমান কৃদন্ত ক্রিয়া-বিশেষণে ( Present adverbial participle) সমসাময়িক কাম, ভূত কৃদন্ত ক্রিয়া-বিশেষণে (Past adverbial participle) আগৰ কাম আৰু ভৱিষ্যত কৃদন্ত ক্রিয়া-বিশেষণে ( Future adverbial participle) হেতু বুজায়। ভৱিষ্যত কৃদন্ত ক্রিয়া-বিশেষণ আৰু ক্রিয়ার্থ-ক্রিয়া একে। পুৰণি অসমীয়াতত এনে ব্যৱহাৰ আছিল। যেনে, তােমাক দেখিলে পাছে। দেহা প্রকাশন্তে আছে।—শঙ্কৰ জলকুম্ভ ভৰান্তে বাজিল ঘটাং কৰি ।মা. ক. মুল (Derivation): ওঁতে’ৰ মূল সংস্কৃত কৃৎপ্রত্যয় শতৃ ( = অত, বা অন্ত,)। তাৰ পৰা অসমীয়া অতে, অন্তে =ওঁতে হয় ($৩৫৭)। ‘অলে’ৰ মূল সংস্কৃত ‘ক’ ( $৩৫৭)। অব’ৰ মূল বৈদিক তৱৈ, তৱেঙ, ( $৩৫৫৫)। সাধাৰণ ক্রিয়া-বিশেষণৰ নিচিনা প্রথমােক্ত দুই প্রত্যয়ত ৭মী বিভক্তি (এ) যােগ হয়। ৩৬০। ক্রিয়া-কর্তা (Noun of agency)। যিহে ক্রিয়া সম্পাদন কৰে তাক ক্রিয়া-কর্তা বলে। ধাতুৰ পাচত ওঁতা, পু, অ‘অন্তা' প্রত্যয় যােগ কৰি ক্রিয়া-কর্তা নির্দেশ কৰা হয়। যেনে, কৰোতা (doer , ধৰোতা (bearer), ইত্যাদি। “যি পণ্ডিত হয় সি জীৱন্তা মৰা দুইকো শােক নকৰে।”—ভট্ট দে.। “মােৰ হাতে মৰিবি ৰাখস্তা নাহি কেৱ।”—মা. ক। 21