পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ক্ৰিয়াৰ ৰূপ। বা হয়’ শব্দ বাৰ বাৰ প্ৰয়ােগ নকৰাত; যেনে, তুমি আহিলে মই গলে হয় (বা হেতেন)। পু, অস, উদাহৰণ আন খন চিৰকালে নকৰিবি বাপে। প্রাণক তেজিলো হয় তােহােৰ সন্তাপে-মা, ক. প্রমাদত লা পুৰি গৈল হনুমন্তে। আমি জানিলাত গহ নতৈলেক হন্তে।” “আছিলােহাে হন্তে আমি সচকিত মনে। | কিস কয় পৰাভৰ অজনে।”—মা. ক, যদি আজি ঘৰত আহিল হন্তে স্বামী তেবে আসি তােমাক ৰাখিলো হন্তে আমি।—দৈত্যাৰি তেহে এক জন যদি গৈল হন্তে তয়। তেবে কি মােহােৰ স্বামী বন্ধনে পৰয়।দুর্গাবৰ (গ) অনুজ্ঞা কপ (Imperative mood) আদেশ অর্ধত ধাতুৰ অনুজ্ঞা ৰূপ হয়। সংস্কৃত লােট লকাৰ ইয়াৰ মূল। সংস্কৃতত বিধি, নিমন্ত্রণ, আমন্ত্রণ, অধীষ্ট, সংপ্রশ্ন আৰু আশীর্বাদ অর্থত লােট আৰু লিঙ, (বিধিলিঙ, আশঙি) হয়। কিন্তু অসমীয়াত সাধাৰণতঃ এইবিলাক অর্থত কেৱল লােটু (অনুজ্ঞা) হয়। যেনে, হে ঈশ্বৰ! মােক দয়া কৰা। প্রার্থনা। যদু! তুমি বন কৰা।—আদেশ। আজি যেন তেন মতে ভােজন কৰাবা পথে।—দৈত্যাৰি কিয়নাে মাতিলা। | হা ডেকাগিৰি কথা কৱা বেলি যাই।—দৈত্যাৰি আশীর্বাদ আদি অর্ধত ধাতুৰ পাচত সাধাৰণত তৃতীয় পুৰুষত অ বা ওক, পু, অ, ইয়ােক, ওক প্রত্যয় হয়। যেনে, ভাল হক। আয়ু বাঢ়ক।আশীর্বাদ। আশীর্বাদ কবিয়ােক। নামসনে ধৰিয়ােক।