২৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব দুর্গতিত তৰিয়ােক। অচিন্তাত থাকিয়ােক। মা, ক, মুগুচোক ৰতি মােৰ তােমাৰ চৰণে।-মা. ক, অনুজ্ঞা ৰূপ কেৱল বর্তমান আৰু ভবিষ্যৎ কালত হয়। (ঘ). ক্রিয়ার্থ-ক্রিয়া বা তুমন্ত জপ (Infinitive mood) কোনাে ক্রিয়া সম্পাদনৰ নিমিত্তে আন ক্রিয়া সম্পাদিত হলে প্রথম ক্ৰিয়াটোক ক্রিয়ার্থ-ক্রিয়া (Infinitive mood) বােলা যায়। যেনে, পঢ়িবলৈ বা পঢ়িব যায়। ইয়াত পঢ়া কাম সম্পাদনৰ নিমিত্তে ‘যায়’ ক্রিয়াপদৰ প্ৰয়ােগ হৈছে; পঢ়া কার্য এতিয়াও হােৱা নাই, ভৱিষ্যতে হব। সেই দেখি ‘পঢ়’ ধাতুৰ এই ৰূপক ক্রিয়ার্থা-ক্রিয়া বােলে। ক্রিয়ার্থা-ক্রিয়াৰ পাচত ইব (বা ইবা), ইবলৈ (বা ইবা লাগি ), অব (বা অবা), অবলৈ ( অবা লাগি) প্রত্যয় হয়। যেনে, খাব (বা খাবা), খাবলৈ (বা খাবা। লাগি )—খা ধাতু; শুব, শুবলৈ-শাে ধাতু; পঢ়িব, পঢ়িবলৈ (to read)—- পঢ়, ধাতু। ক্রিয়ার্থ-ক্রিয়া দুবিধ—(১) সাধাৰণ ক্রিয়ার্থ-ক্রিয়া (simple infinitive) আৰু ক্রিয়ার্থ-সংজ্ঞা (gerund)। সাধাৰণ ক্রিয়া-সম্পাদন বুজাবলৈ সাধাৰণ ক্রিয়ার্থা-ক্রিয়া আৰু সি কর্মযুক্ত হলে ক্রিয়ার্থ-সংজ্ঞা হয়। পুৰণি অসমীয়াত এই অব বা ইব প্রত্যয় ইবে, ইব, ইবে লাগি, ইরাক, ইবাক লাগি, অবা, অব লাগি আছিল। যেনে, পঠাইলন্ত ৰান্ধিবাক ৰামচৰণক। গৈলন্ত ৰান্ধিবে এক তান্তিৰ ঘৰক।—দৈত্যাৰি নলাগে দেবদ্বিজ ঋষি হুইবে। নলাগে সমস্ত শাস্ত্র জানিবে ।—শঙ্কৰ মধিক নেদে আৱৰ দধি।শঙ্কৰ। গুণক অতিক্রমি অমৃতক পাইবাৰ শুনি তাৰ লক্ষণ আচাৰ উপায় ভালমতে জানিতে ইচায়ে অর্জুনে পুছন্তা-ভট্ট, দে, বসিবাক লাগি হৰি দিয়াইলা আসন।-শঙ্ক মাৰিবে নপাৰি হস্তিগণ অন্তৰিলা।হেম, সৰ, নামনি আসামত পু, অসমীয়াৰ দৰে অবা, ইবা, ইবা লাগি প্রচলিত
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪১২
অৱয়ব